গুৱাহাটী: ৰাজ্য চৰকাৰে অনুকম্পামূলক চাকৰি দিয়াতো ২০১৭ চনৰ ১ এপ্ৰিলৰ পৰা ইতিমধ্যে বন্ধ কৰিছে যদিও ২০১৭ চনৰ ১ এপ্ৰিলৰ আগৰ ৭৬৭ গৰাকী প্ৰাৰ্থীক আজি শিক্ষা সঞ্চালকালয়ৰ বিভিন্ন বিভাগত নিযুক্তি দিয়ে । ৰাজ্য চৰকাৰৰ ১০০ দিন হোৱা উপলক্ষ্যে শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত এই সকলক নিযুক্তি দিয়ে ।
ইয়াৰে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত নিম্ন প্ৰাথমিক বিদ্যালয়ত ৩১৩ গৰাকী, উচ্চ প্ৰাথমিকত ১২৭ গৰাকী, কনিষ্ঠ সহায়ক পদত ১০ গৰাকী আৰু চতুৰ্থ বৰ্গ পদত ১৬৬ গৰাকীক নিযুক্তি দিয়ে । আনহাতে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত শিক্ষক পদত এজন আৰু কনিষ্ঠ সহায়ক পদত ৩১ জনক নিযুক্তি দিয়ে ।
আনহাতে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ১১৩ গৰাকীক সহকাৰী অধ্যাপকৰ পদত নিযুক্তি দিয়ে । ইয়াৰ লগতে ৰাজ্যিক শিক্ষা গবেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধীনত মুঠ ৬ গৰাকীক নিযুক্তি দিয়ে ।
ইয়াৰ পূৰ্বে খানাপাৰাত অনুষ্ঠিত অনুষ্ঠানত মিজোৰ গুলীত ছহিদ হোৱা অসম আৰক্ষীৰ ৬ জোৱানৰ আত্মীয়লৈ অনুকম্পামূলক নিযু্ক্তি প্ৰদান কৰে ৰাজ্য চৰকাৰে । ছহিদৰ নিকটাত্মীয়ক এই নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
লগতে পঢ়ক ডিএছপি পুত্ৰলৈ গৰ্বিতা মাতৃৰ ছেল্যুট