চাবুৱাঃ “অভিজ্ঞতা হ’ল পানীৰ দৰে তৰল বস্তু আৰু ই তেনেদৰেই গতি কৰে। এনে অৱস্থাত যদি শিক্ষাদাতাই শিক্ষাৰ্থীৰ প্ৰতি স্নেহ-বাৎসল্য ভাৱেৰে এডাল মমৰ দৰে গলি গলি জ্ঞান দিয়ে‌, তেন্তে শিক্ষাৰ্থীসকলৰো শিক্ষকৰ প্ৰতি বিনয় আৰু শ্ৰদ্ধাভাৱ জন্মিব। অন্যথা শিক্ষকৰ স্থানৰ পৰা শিক্ষাৰ্থীলৈ জ্ঞানৰূপী স্বচ্ছ পদাৰ্থৰ গতি সম্ভৱ নহয় ”।

বুধবাৰে চাবুৱাস্থিত ডিব্ৰুগড় জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰতিষ্ঠানটোৰ অধ্যক্ষা ৰুণু গগৈ সোণোৱালৰ ‘ইতিবাচক চিন্তাৰে জীৱন’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি ডায়েটৰ জ্যেষ্ঠ প্ৰবক্তা দুলেন চন্দ্ৰ গোহাঁয়ে এইদৰে কয়‌।

তেওঁ ভাষণ প্ৰসঙ্গত গ্ৰন্থখনে প্ৰশিক্ষাৰ্থী সকলৰ বাবেও সহায়ক হ’ব বুলিও আশা প্ৰকাশ কৰে। প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ প্ৰবক্তা ভূপেন কুমাৰ দাসে অনুষ্ঠানটোৰ আতঁ ধৰি কয় যে সাতাইশ বছৰীয়া অধ্যক্ষা দায়িত্বৰ দৰে অভিজ্ঞতাৰে পুষ্ট কলমেৰে নিগৰোৱা পুথিখনত সুদীৰ্ঘ বছৰ জোৰা সংগৃহীত অধ্যয়ন আৰু অভিজ্ঞতাৰ ফচল দেখিবলৈ পোৱা যাৱ।

অনুষ্ঠানত সাংবাদিক পেঞ্চনাৰ প্ৰফুল্ল শৰ্মাই গ্ৰন্থখন বহু বন্ধুতকৈ আপোন হ’ব মন্তব্য প্ৰকাশ কৰে। সভাত লেখিকা ৰুণু গগৈ সোণোৱালে ছাত্ৰী অৱস্থাৰ পৰাই পিতৃয়ে নিৰ্বাচিত কৰি দিয়া গ্ৰন্থ অধ্যয়নে তেওঁক লিখাৰ প্ৰতি আগ্ৰহান্বিত কৰা বুলি মন্তব্য কৰে।

সভাত প্ৰবক্তা ৰঞ্জন বৰাই ভাষণ প্ৰসংগত শিক্ষকতাৰ কৌশল অধ্যক্ষা গৰাকীৰ পৰা কেনেদৰে আয়ত্ব কৰিছিল সেই বিষয়ে নিজা অনুভৱ ব্যক্ত কৰে।

অনুষ্ঠানত প্ৰশিক্ষাৰ্থী ভীমবৰ পাতিৰিয়ে লেখিকা গৰাকীক উষ্ম প্ৰশংসা কৰাৰ লগতে দৈনিক কাকতত শিক্ষাৰ শিতানত ধাৰাবাহিক ভাবে লিখি যাবলৈ অনুৰোধ জনায়।

সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তিলেশ্বৰ শইকীয়া, সংবাদ কৰ্মী পুস্তক ফুকন, প্ৰশিক্ষাৰ্থী ক্ৰমে কিৰণ চন্দ্ৰ গগৈ, জ্ঞানেন্দ্ৰ মৌপিয়া, প্ৰকাশ থাপা, হৰনাথ ভৰালী আৰু বেদান্ত গগৈয়ে অনুভৱ ব্যক্ত কৰে। সভাত প্ৰৱক্তা ক্ৰমে হেমন্ত দত্ত, জুৰি নেওগ, পল্লৱী কলিতা আৰু স্বৰাজ ফুকন উপস্থিত থাকে| অনুষ্ঠানত প্ৰশিক্ষাৰ্থী হৰিপ্ৰিয়া বৰ্মনে এটি ভক্তিমূলক গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোল। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় প্ৰবক্তা ভূপেন কুমাৰ দাসে।

লগতে পঢ়কঃআৰক্ষীৰ জালত পৰিল ড্ৰাগছ আসক্ত চিকিৎসক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply