চাবুৱাঃ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মাজত থকা সম্পৰ্কক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে চাবুৱাস্থিত বেতমেলা খেলপথাৰত বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ আৰু জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্রতিষ্ঠান, ডিব্ৰুগড়ৰ মাজত এখন প্রীতি ক্রিকেট খেল অনুষ্ঠিত হয়।
খেলখনত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্রতিষ্ঠান, ডিব্ৰুগড়ে বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰক ৭ উইকেটত পৰাস্ত কৰে।
টছত জয়লাভ কৰি প্রথমে বেটিং কৰা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰই নিৰ্ধাৰিত ১০ অভাৰত ৮ টা উইকেটৰ বিনিময়ত ৭৯ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়কঃসোণাপুৰত অসম ৰাজ্যিক ৰোড চাইক্লিং প্ৰতিযোগিতাৰ সামৰণি
বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ কিশোৰ দিহিঙীয়াই ৩২ ৰাণ সংগ্ৰহ কৰে। জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্রতিষ্ঠানৰ প্ৰণৱ কলিতাই ৪টা আৰু আৰু অঞ্জনজ্যোতি বৰুৱাই ৩টা উইকেট দখল কৰিবলৈ সক্ষম হয়।
প্রত্যুত্তৰত বেটিং কৰিবলৈ নমা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্রতিষ্ঠানে ৬.৪ অভাৰত ৩ টা উইকেট হেৰুৱাই ৮০ ৰাণ সংগ্ৰহ কৰি জয়লাভ কৰিবলৈ সক্ষম হয়।
প্ৰতিষ্ঠানটোৰ হৈ প্ৰণৱজ্যোতি কলিতাই ৩৬ আৰু পৰীক্ষিত দাসে ২২ ৰান সংগ্ৰহ কৰি জয়লাভত বিশেষ অৱদান আগবঢ়ায়। বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ আৰবাজ আহমেদে ২টা উইকেট দখল কৰে।