চাবুৱাঃ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ বি.এড চতুৰ্থ ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী সকলৰ উদ্যোগত চাৰিদিনীয়া কাৰ্যসূচীৰে এক আৰ্থ-সামাজিক জৰীপ আৰু গণসচেতনামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা ডায়েটৰ বাকৰিত ৫১ জোপা মূল্যবান গছপুলি ৰোপণ কৰা হয়। বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ১২১ নং চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই। এই উপলক্ষে প্ৰশিক্ষাৰ্থী ভীমবৰ পাতিৰিয়ে আঁতধৰা চমু অনুষ্ঠানত বিধায়ক পোনাকণ বৰুৱাই প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ হকে আঁচনি প্ৰস্তুত কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। সভাত অধ্যক্ষ অনুজ কুমাৰ ভট্টাচাৰ্য আৰু জ্যেষ্ঠ প্ৰবক্তা ভূপেন কুমাৰ দাসে প্ৰতিষ্ঠানটোৰ মৌলিক সমস্যাসমূহ পৰ্যায়ক্ৰমে শীঘ্ৰে সমাধান কৰিবলৈ আবেদন আগবঢ়ায়।

দ্বিতীয় দিনা প্ৰবক্তা ভূপেন কুমাৰ দাসৰ তত্বাৱধানত পানীতোলা শিক্ষাখণ্ডৰ অন্তৰ্গত দঙ্গৰচুক প্ৰাথমিক বিদ্যালয়ত গছপুলি ৰোপণ, গছত চূণ দিয়া, বিদ্যালয়ৰ খিৰিকী-দৰ্জাত ৰং দিয়া, জাতিলাও, জিকাৰ চাং পাতি জেং দিয়া, নলা-নৰ্দমা পৰিস্কাৰ কৰা আদি দিনজোৰা শ্ৰমদান কাৰ্যসূচী পালন কৰা হয়।
তৃতীয় দিনা পুৱা ১০ বজাত প্ৰতিষ্ঠানৰ চৌহদ আৰু চাৰিসীমাৰ হাবিবোৰ প্ৰশিক্ষাৰ্থী সকলে দা, কোৰ লৈ চাফাই কৰি শ্ৰমদান কাৰ্য সম্পন্ন কৰে।

শেষৰ দিনা প্ৰবক্তা ভূপেন কুমাৰ দাসৰ তত্বাৱধানত আৰু প্ৰশিক্ষাৰ্থী ভীমবৰ পাতিৰি, পীয়ুষ ভূষণ চেতিয়া, অংগদ্‌ কৈৰী, অংকুৰ গগৈ আৰু প্ৰাঞ্জল চক্ৰৱৰ্ত্তীৰ নেতৃত্বত ‍চতুৰ্থ ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী সকলে ‘আৰ্থ-সামাজিক জৰীপ আৰু গণ সজাগতা সভা’ৰ বাবে ৰহমৰীয়া বৰতীচুক গাঁৱত উপস্থিত হৈ পঞ্চাছ গৰাকী প্ৰশিক্ষাৰ্থীয়ে আৰ্থ-সামাজিক জৰীপ সম্পাদন কৰে।

ইয়াৰ পাছতে গোৱাল প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত এখনি সজাগতা সভা সম্পন্ন কৰা হয়। এই সভাতেই শতাধিক ছাত্ৰ-ছাত্ৰী অভিভাৱক তথা শুভাকাংক্ষী সকলৰ উপস্থিতিত ক্ৰমে স্বাস্থ্য সজাগতা আৰু পৰিস্কাৰ-পৰিচছন্নতা, কৈশোৰ কালৰ শিক্ষা, প্ৰাপ্ত বয়স্ক শিক্ষা, HIV এইডছ্ সজাগতা, ড্ৰাগছ নিবাৰণ সম্পৰ্কীয় সজাগতা, পৰিৱেশ সংৰক্ষণ আৰু সুৰক্ষা, প্ৰাকৃতিক দুৰ্যোগ শীৰ্ষক সাতখন কৈ সজাগতামূলক বাটৰ নাট প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা পৰিৱেশন কৰা হয়। অনুষ্ঠানটি উদ্বোধন কৰে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ অধ্যক্ষ অনুজ কুমাৰ ভট্টাচাৰ্যই। শেষত প্ৰবক্তা ভূপেন কুমাৰ দাসে আঁতধৰা অনুষ্ঠানত উপস্থিত থাকি জ্যেষ্ঠ প্ৰবক্তা দুলেন গোহাঁই, হেমন্ত দত্ত আৰু গাওঁবুঢ়া পবন দাসে নাট্য দলসমূহক শলাগ জনাই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। সভাত প্ৰবক্তা ক্ৰমে মলয় বৰুৱা, মৃদুস্মিতা ফুকন, স্বৰাজ ফুকন আৰু ৰঞ্জন বৰা উপস্থিত থাকি চমু বক্তব্য আগবঢ়ায়। শেষত শলাগৰ শৰাই আগবঢ়ায় ভূপেন কুমাৰ দাসে।

লগতে পঢ়কঃতৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ বাবে হাটশিঙিমাৰীত ১০০ গৰাকী বহী মূল্যায়কক বিশেষ প্ৰশিক্ষণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply