চাবুৱাঃ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ ২০১৯-২১ বৰ্ষৰ ডি.এল.এড চতুৰ্থ ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী সকলক আজি আনুষ্ঠানিকভাবে বিদায় সম্ভাষণ জনোৱা হয়। কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত সকলো বিদায়ী প্ৰশিক্ষাৰ্থীকে এটিকৈ বেজ আৰু সৈনিক তালিৰে প্ৰেক্ষাগৃহলৈ আদৰি আনে।
ইয়াৰ পিছতে ডায়েটৰ অধ্যক্ষা ৰুণু গগৈ সোণোৱালৰ সভাপতিত্বত বিদায়ী সভাখন অনুষ্ঠিত হয়। ডি.এল.এড দ্বিতীয় ষান্মাসিকৰ প্ৰশিক্ষাৰ্থীদ্বয় ক্ৰমে সৌৰভ দত্ত আৰু ৰেখামণি বৰাই আঁত ধৰা অনুষ্ঠানত জ্যেষ্ঠ প্ৰবক্তা ভূপেন কুমাৰ দাস আৰু হেমন্ত দত্তই কয় যে বিদায় মানে কোনো আবেগৰ স্থান নহয়, বিদায় মানে অনাগত দিনত প্ৰত্যাহ্বানৰ মুখামুখি হৈ ধৈৰ্য, সাহস আৰু আত্মবিশ্বাসেৰে জীৱন যুদ্ধত হেলাৰঙে জয়ী হ’বলৈ নিজকে আগবঢ়াই দিয়া এক প্ৰক্ৰিয়াহে।
লগতে পঢ়কঃদেশী-বিদেশী পৰ্যটকে ভিৰ কৰিছে শিৱসাগৰত
সভাত প্ৰবক্তা মৃদুস্মিতা ফুকনে প্ৰশিক্ষাৰ্থী সকলৰ উদ্দেশ্যে বক্তব্য ৰখাৰ লগতে প্ৰবক্তা স্বৰাজ ফুকন, প্ৰবক্তা নিপামনি টায়ে আৰু বি.এড. তৃতীয় ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী ভীমবৰ পাতিৰিয়ে কবিতা পাঠ কৰে। অনুষ্ঠানত বিদায়ী প্ৰশিক্ষাৰ্থী সকলে প্ৰতিষ্ঠানৰ গ্ৰন্থাগাৰলৈ গ্ৰন্থৰ টোপোলা আগবঢ়োৱাৰ লগতে শিক্ষাগুৰু সকলক ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই নিজা অভিজ্ঞতা ব্যক্ত কৰি আবেগিক হৈ পৰে।
এই অনুষ্ঠানতে বিদায়ী প্ৰশিক্ষাৰ্থীসকলক এখনি মানপত্ৰ আৰু উপহাৰ প্ৰদান কৰা হয়। প্ৰশিক্ষাৰ্থী পল্লৱী সোণোৱালে আধুনিক নৃত্য, হৰিপ্ৰিয়া বৰ্মনে গোৱালপৰীয়া লোকনৃত্য, পৰীস্মিতা সোণোৱাল, বিনীতা বৰুৱা আৰু হিৰণ্ময়ী বৰাৰ দলীয় নৃত্য, অভিজিত্ লাহন, শুভ্ৰজ্যোতি দাস আৰু সাগৰিকা গগৈয়ে আধুনিক গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। জ্যেষ্ঠ প্ৰবক্তা মলয় বৰুৱা, ৰঞ্জন বৰা, অজয় ভট্টাচাৰ্য আৰু পল্লৱী কলিতা অনুষ্ঠানটোত উপস্থিত থাকে।