চাবুৱাঃ চাবুৱাস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ পৰা পাঠ্যক্ৰম সমাপ্ত কৰি অসম চৰকাৰৰ বিভিন্ন বিভাগত সংস্থাপন লাভ কৰা ৬০গৰাকীয়ো অধিক প্ৰাক্তন প্ৰশিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত এখনি সভা অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পুৱা দহ বজাত পঞ্জীয়নৰ পাছতে প্ৰতিষ্ঠানৰ অধ্যক্ষ অনুজ কুমাৰ ভট্টাচাৰ্যৰ পৌৰাহিত্যত অভিনন্দন অনুষ্ঠানটি আৰম্ভ হয়। সভাৰ উদ্দেশ্যে ব্যাখ্যা প্ৰদান কৰে প্ৰশিক্ষাৰ্থী বেদান্ত বিকাশ চুতীয়াই। অনুষ্ঠানৰ আৰম্ভণীতে হৰিপ্ৰিয়া বৰ্মনৰ নেতৃত্বত এটি সমবেত সংগীত পৰিবেশিত হয়। প্ৰশিক্ষাৰ্থী সৌৰভ দত্ত আৰু ৰেখামণি বৰাই আঁত ধৰা অনুষ্ঠানটিত জ্যেষ্ঠ প্ৰৱক্তা ভূপেন কুমাৰ দাসে উপস্থিত থাকি বক্তব্য আগবঢ়ায়।
ভাষণ প্ৰসঙ্গত তেখেতে কয় যে নৱনিযুক্ত শিক্ষক সকলে নিষ্ঠা সহকাৰে দয়িত্ব আৰু কৰ্তব্য পালন কৰি একো একোজন মানৱ সম্পদ গঢ়োতা খনিকৰৰূপে আত্মত্যাগ কৰি প্ৰত্যেককে সুনাগৰিক হিচাপে গঢ়ি তুলি নিজকে আদৰ্শ শিক্ষক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায়। সভাত জ্যেষ্ঠ প্ৰবক্তা দুলেন গোহাঁই, হেমন্ত দত্ত, অনিমা গোস্বামী, স্বৰাজ ফুকন, ৰঞ্জন বৰা আৰু অজয় ভট্টাচাৰ্যই গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। লগতে প্ৰতিষ্ঠানৰ অধ্যক্ষ আৰু প্ৰবক্তা সকলৰ যোগেদি নৱনিযুক্ত তিনিকুৰি প্ৰাক্তন প্ৰশিক্ষাৰ্থীক ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু উপহাৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰাক্তন প্ৰশিক্ষাৰ্থীসকলে আনন্দ, উৎসাহ আৰু আবেগবিহ্বল হৈ নিজা অনুভৱ ব্যক্ত কৰে ক্ৰমে যোগেশ টাও, ভূপতি ৰঞ্জন বৰা, দীপাংকৰ গোহাঁই, পাৰমিতা নাগ, পূজা দে, কৃষ্ণকান্ত বুঢ়াগোহাঁই, কৃষ্ণ গগৈ আৰু জিনিমণি কোঁচে।
এই অনুষ্ঠানতে প্ৰশিক্ষণৰত প্ৰশিক্ষাৰ্থীসকলে প্ৰকাশ কৰি উলিওৱা চাৰিখন হাতে লিখা আলোচনী উন্মোচন কৰে ক্ৰমে অধ্যক্ষ অনুজ কুমাৰ ভট্টাচাৰ্য, প্ৰবক্তা ভুপেন কুমাৰ দাস, দুলেন গোহাঁই, আৰু হেমন্ত দত্তই। ইয়াৰে প্ৰথম শ্ৰেষ্ঠ আলোচনীৰ বঁটা লাভ কৰে বেদান্ত বিকাশ চুতীয়াই সম্পাদনা কৰা ডি.এল.এড. দ্বিতীয় ষান্মাসিকৰ ‘প্ৰয়াস’ নামৰ আলোচনীখনে। দ্বিতীয় শ্ৰেষ্ঠ বঁটা লাভ কৰে যুটীয়াভাৱে ভীমবৰ পাতিৰিয়ে সম্পাদনা কৰা বি.এড. চতুৰ্থ ষান্মাসিকৰ ‘বাতায়ন’ আৰু ৰঞ্জিত কলিতাই সম্পাদনা কৰা বি.এড. দ্বিতীয় ষান্মাসিকৰ ‘দাপোন’ শীৰ্ষক আলোচনীখনে আৰু তৃতীয় স্থানৰ বঁটা লাভ কৰে হৰিপ্ৰিয়া বৰ্মনে সম্পাদনা কৰা ডি.এল.এড. চতুৰ্থ ষান্মাসিকৰ ‘উষাজ্যোতি’য়ে। প্ৰবক্তা স্বৰাজ ফুকনে আলোচনীকেইখনৰ নিৰীক্ষক হিচাপে থাকি স্থান নিৰ্বাচন কৰি দিয়া এই উন্মোচনী অনুষ্ঠানটো আঁত ধৰে ছাত্ৰ একতা সভাৰ আলোচনী বিভাগৰ সম্পাদক ভীমবৰ পাতিৰিয়ে। অনুষ্ঠানত প্ৰশিক্ষাৰ্থী অভিজিত্ লাহন, সাগৰিকা গগৈ আৰু মুগ্ধা সোনোৱালে আধুনিক গীত, হৰিপ্ৰিয়া বৰ্মনে লোক গীত, প্ৰত্যাশী গগৈ, ইন্দু টিমচিনা, অনন্যা গগৈয়ে আধুনিক নৃত্য, বিনীতা বৰুৱা আৰু ৰশ্মিৰেখা গগৈৰ নেতৃত্বত দলীয় নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানত বি.এড. দ্বিতীয় ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী সকলে এক সুন্দৰ পুতলা নাচ পৰিৱেশন কৰি সকলোকে আপ্লুত কৰি তোলে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় প্ৰশিক্ষাৰ্থী হিৰণ্ময়ী বৰাই।