চাবুৱাঃ “শিক্ষানুষ্ঠানত অধ্যয়নৰ সমান্তৰাল কৈ নিজৰ সৃষ্টিশীল প্ৰতিভাৰ উমান দিয়াটোও শিক্ষাৰ্থী সকলৰ বাবে গুৰুত্বপূৰ্ণ দিশ। এইক্ষেত্ৰত প্ৰতিভাৰ উমান দিয়া বা বিকাশ কৰাৰ মাধ্যম সমূহৰ ভিতৰত হাতে লিখা আলোচনী অন্যতম”- ডিব্ৰুগড়ৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বি.এড.তৃতীয় ষাণ্মাষিকৰ শিক্ষণ পদ্ধতিৰ অসমীয়া বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰি উলিওৱা ‘সৃজন’ শীৰ্ষক আলোচনীখন কম্পিউটাৰ কক্ষত উন্মোচন কৰি জ্যেষ্ঠ প্ৰবক্তা, বিশিষ্ট কবি, সাহিত্যিক ভূপেন কুমাৰ দাসে এনেদৰে কয়।
ভাষণ প্ৰসঙ্গত তেখেতে কয় যে হাতে লিখা আলোচনীত লেখনি কম সংখ্যক প্ৰকাশ হ’লেও ইয়াত শিক্ষাৰ্থীৰ হাতৰ আখৰৰ সুন্দৰতা, অলংকৰণ আদি দিশবোৰ সুন্দৰকৈ প্ৰকাশ পাইছে। ‘সৃজন’ৰ সম্পাদক ভীমবৰ পাতিৰিয়ে আঁত ধৰা অনুষ্ঠানটোত বিভাগীয় প্ৰবক্তা নিপামনী টায়ে উপস্থিত থাকি প্ৰদান কৰা বক্তব্যত হাতে লিখা আলোচনীৰ দৰে কৰ্মক প্ৰয়োজনীয়তাৰ খাতিৰত নাভাবি প্ৰতিভা বিকাশৰ উপযুক্ত মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।
লগতে পঢ়কঃঅসমীয়া যুৱ মঞ্চৰ দুই নেতাক জেললৈ প্ৰেৰণ
অনুষ্ঠানত প্ৰবক্তা স্বৰাজ ফুকনে আলোচনীখন অনলাইন মাধ্যমেৰে বহুল প্ৰচাৰৰ ব্যৱস্থাৰ সপক্ষে যোগাত্মক বক্তব্য আগবঢ়ায়।
অনুষ্ঠানত প্ৰশিক্ষাৰ্থী শিক্ষক প্ৰাঞ্জল চক্ৰৱৰ্তী, অংগদ কৈৰী, অঞ্জলি দেয়ে বক্তব্য ৰখাৰ লগতে প্ৰশিক্ষাৰ্থী ঈশানী বৰঠাকুৰ, পুষ্পাঞ্জলি গোহাঁই, পলাশী দত্ত, পম্পী কুৰ্মী, বৰ্ণালী গগৈ, ময়ূৰী গগৈ, পূৰ্বাশ্মী ফুকন আৰু অঞ্জন দাসে নিজা অনুভৱ ব্যক্ত কৰে।