চাবুৱাঃ শিক্ষক সকলেই সভ্যতাৰ ধাৰক, জ্ঞান বিজ্ঞানৰ প্ৰবাহক, সমাজৰ মাৰ্গ দৰ্শক। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ শিক্ষাদানৰ জৰিয়তে জ্ঞানৰ গতিধাৰা অব্যাহত ৰাখি শিক্ষক সকলেই সভ্যতাৰ উত্থান আৰু ইতিহাসত নিজৰ স্বাক্ষৰ ৰাখি থৈ গৈছে।

শনিবাৰে চাবুৱাস্থিত ডিব্ৰুগড় জিলাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে “সময়ৰ গতিপথত জীৱনমুখী খোজ – সৰাপাতৰ দলিচাত বিদায়বেলাৰ গান” শীৰ্ষক অনুষ্ঠানৰ উদ্বোধনী ভাষণত ডায়েটৰ অধ্যক্ষা ৰুণু গগৈ সোণোৱালে এইদৰে কয়। ইয়াৰ পূৰ্বে বি.এড তৃতীয় ষাণ্মাসিকৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা সমবেত সংগীতেৰে কাৰ্যসূচী শুভাৰম্ভ হয়।

বি.এড তৃতীয় ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী ভীমবৰ পাতিৰিয়ে আতঁ ধৰা অনুষ্ঠানটোত জ্যেষ্ঠ প্ৰৱক্তা ভূপেন কুমাৰ দাসে ভাষণ প্ৰদান কৰি কয় যে শিক্ষা হ’ল মানৱ সমাজক গতি দিয়া আৰু আন্ধাৰৰ পৰা পোহৰৰ দিশলৈ লৈ যোৱা এক মাধ্যম। সভাত প্ৰবক্তা ক্ৰমে মলয় বৰুৱা, পল্লৱী কলিতা, ৰঞ্জন বৰা, স্বৰাজ ফুকন আৰু গ্ৰন্থাগাৰিক শেৱালি বৰুৱাই বিদায়ী প্ৰশিক্ষাৰ্থী সকলক উদ্দেশ্যে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত পঞ্চাশ গৰাকী বিদায়ী প্ৰশিক্ষাৰ্থীক বিদায়ী সম্বৰ্ধনা পত্ৰ আৰু উপহাৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

লগতে পঢ়কঃসমাগত কাৰ্বি পৰিষদৰ নিৰ্বাচনকলৈ তৎপৰ বিজেপি দল

ইয়াৰ পূৰ্বে তেওঁলোকক কপালত চন্দনৰ তিলক আঁকি আৰু এটাকৈ বেজ পিন্ধাই সৈনিক তালিৰে প্ৰেক্ষাগৃহলৈ আদৰি আনে। অনুষ্ঠানত বিদায়ী প্ৰশিক্ষাৰ্থী সকলৰ হৈ শিক্ষাগুৰু সকলক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে দিলীপ গগৈ, যোগেশ টাও, হৰেণ গোস্বামী, বিনিতা বৰুৱাই প্ৰতিষ্ঠানটোৰ দুবছৰীয়া অনভৱ ব্যক্ত কৰে। অনুষ্ঠানত বিদায়ী প্ৰশিক্ষাৰ্থীসকলে প্ৰতিষ্ঠানটোৰ গ্ৰন্থাগাৰলৈ কেবাখনো মূল্যবান গ্ৰন্থ উপহাৰ হিচাপে আগবঢ়ায়।

লগতে এখন স্মৃতি বিজড়িত ৰঙীণ এলবাম সহ পত্ৰিকা প্ৰতিষ্ঠানৰ অধ্যক্ষাৰ যোগদি উন্মোচন কৰায়। এই অনুষ্ঠানতে বিদায়ী প্ৰশিক্ষাৰ্থী জাহ্নৱী ৰাজখোৱাই ৰেম্পত খোজকাঢ়ি, বি.এড তৃতীয় ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী চিত্ৰালী ফুকন আৰু ডি.এল.এডৰ প্ৰশিক্ষাৰ্থী সাগৰিকা গগৈয়ে ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি সকলোকে আমোদ দিয়ে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই ভীমবৰ পাতিৰিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply