চাবুৱাঃ ডিব্ৰুগড়ৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্রতিষ্ঠানত (ডায়েট) শুকুৰবাৰে এখন ফটোগ্রাফীৰ কৰ্মশালা আয়োজন কৰা হয়। প্ৰশিক্ষার্থী সকলক ফটোগ্রাফীৰ মৌলিক দিশসমূহৰ লগত চিনাকি কৰোৱা, কেৰিয়াৰৰ পৰিসৰ সম্পৰ্কে অৱগত কৰোৱা তথা ব্যৱহাৰিক জ্ঞান দিয়াৰ উদ্দেশ্যে ‘Photography Basics and Beyond: From Smartphone to DSLR’ শীৰ্ষক ফটোগ্রাফী কর্মশালাখন আয়োজন কৰা হৈছিল।
জিলা সমল গোটৰ প্ৰবক্তা স্বৰাজ ফুকনৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা কৰ্মশালাখনত ১১০ জন প্রশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। প্ৰায় ২ ঘন্টা জুৰি চলা কৰ্মশালাখনত ফটো তোলাৰ বিভিন্ন নীতি-নিয়ম, কেমেৰা, লেনছৰ প্ৰকাৰ, ফটোগ্ৰাফীত কেৰিয়াৰৰ পৰিসৰ আদি সম্পর্কে বিস্তাৰিতভাৱে আলোচনা কৰা হয়।
উক্ত কর্মশালাখনত সমল ব্যক্তি ৰূপে অসমৰ এজন বিশিষ্ট আলোকচিত্ৰ শিল্পী তথা দ্য ফটোগ্ৰাফী ক্লাৱ অৱ আছামৰ প্ৰতিষ্ঠাপক দেৱাশীষ গগৈ উপস্থিত থাকে। প্ৰশিক্ষাৰ্থী সকলৰ সৈতে অনুষ্ঠিত হোৱা প্ৰশ্নোত্তৰ শিতানত প্ৰশিক্ষাৰ্থী হৰিপ্ৰিয়া বৰ্মন, মৃগেন নাথ আৰু অঞ্জন জ্যোতি বৰুৱাই প্ৰশ্ন উথাপন কৰে। কৰ্মশালাখনত প্ৰতিষ্ঠানৰ অধ্যক্ষ অনুজ কুমাৰ ভট্টাচাৰ্য, প্ৰবক্তা দীপামণি ফুকন, অজয় ভট্টাচাৰ্য উপস্থিত থাকে। কৰ্মশালাখনত উপস্থিত থাকি নিজা অনুভৱ ব্যক্ত কৰে প্ৰবক্তা ৰঞ্জন বৰাই। অনুষ্ঠানৰ শেষত শলাগ আগবঢ়াই প্ৰবক্তা স্বৰাজ ফুকনে।