চাবুৱাঃ চাবুৱাত নিৰ্বাচনী হিংসা। দুৰ্বৃত্তই জ্বলালে অসম গণ পৰিষদৰ নিৰ্বাচনী কাৰ্যালয়। চাবুৱা পৌৰসভাৰ ২নং ৱাৰ্ডৰ প্ৰাৰ্থী বাপন পালৰ কাৰ্যালয়ত নিশা অগ্নি সংযোগ কৰে দুৰ্বৃত্তই।

ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ নেতৃত্বত প্ৰায় ১০-১২খন গাড়ীয়ে ৱাৰ্ডে-ৱাৰ্ডে চলাই সন্ত্ৰাস।

চাবুৱা সমষ্টিৰ অগপ বিধায়ক পোনাকন বৰুৱাই সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান লাহোৱাল সমষ্টিৰ বিজেপিৰ বিধায়ক বিনোদ হাজৰিকাই হিন্দী ছবিৰ ভিলেইনৰ ভূমিকাৰে অগপ প্ৰাৰ্থী আৰু কৰ্মীসকলক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়কঃসু-অভিনেতা নৰেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ দেহাৱসান

বিজেপি কৰ্মীয়ে ভয়-ভাবুকিৰে সন্ত্ৰাস চলোৱা এই অভিযোগ তুলিছে বিধায়ক পোনাকণ বৰুৱাই।

বিধায়ক বিনোদ হাজৰিকাৰ নিৰাপত্তাৰক্ষীয়ে বন্দুক লগাই এজিপি কৰ্মীক মাৰধৰো কৰে।

আনহাতে কালি অগপ কাৰ্যলয় জ্বলাই দিয়াৰ পিছত বিনোদ হাজৰিকাই সংবাদমেল পাতি অগপ কৰ্মীয়ে বিজেপি কৰ্মীক ভয় ভাবুকি দিয়াৰ কথা ব্যক্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply