চাবুৱাঃ আজিও সন্ধান নাই চাবুৱাৰ ৰহমৰীয়াত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হোৱা চাৰিজন লোকৰ।

দেওবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত নাও ডুবি সন্ধানহীন হৈছিল চাৰিজনকৈ ব্যক্তি।

সন্ধানহীন লোককেইজন আছিল শংকৰ যাদৱ, চুংকু কুৰ্মী, ধমেন দাস আৰু কিষন যাদৱ।

বৰ্তমান এছডিআৰএফ, এন ডি আৰ এফ বাহিনীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ অভিযান চলাই আছে।

মহমৰাৰ পৰা বালিজানলৈ টুলুঙা নাৱেৰে আহি থকা অৱস্থাতে সংঘটিত হৈছিল এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত দুফাল হৈ পৰিছিল নাওঁখন।

নাওঁখনত আছিল মুঠ ন-জন ব্যক্তি, পাঁচজন ব্যক্তি সৌভাগ্যক্ৰমে সাঁতুৰি পাৰলৈ আহিবলৈ সক্ষম হয় যদিও চাৰিজন ভৰা লুইতত সন্ধানহীন হৈ পৰে ।

নদী পাৰ হোৱা সময়তেই দুৰ্ঘটনাটো সংঘটিত হৈছিল।

লগতে পঢ়কঃবানত উটি যোৱা দুয়োজন আৰক্ষীৰ লোকৰ মৃতদেহ উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,333 other subscribers

Leave a comment

Leave a Reply Cancel reply