চাবুৱাঃ চাবুৱাস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত অলপতে ‘মাইণ্ড এডুকেশ্যচনৰ গুৰুত্ব’(Mind Education)শীৰ্ষক এখনি অনলাইন ৱেবিনাৰ অনুষ্ঠিত হয়।

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা স্বৰাজ ফুকনে আঁত ধৰা অনুষ্ঠানত প্ৰতিষ্ঠানৰ অধ্যক্ষা ৰুণু গগৈ সোণোৱালে আদৰণী ভাষণ প্ৰদান কৰি কয় যে বিষয়টো সময় উপযোগী তথা এক ব্যতিক্ৰম ধৰ্মী ৱেবিনাৰ, যিহেতু বিভিন্ন সময়ত বহু যুৱক-যুৱতীয়ে হতাশাগ্রস্ত হৈ আত্মহত্যাৰ পথ বাচি লোৱা দেখা যায়।

গতিকে এই অনুষ্ঠানটোৰ পৰা অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে এক যোগাত্মক শিক্ষা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। ৱেবিনাৰত মুখ্য আলোচক হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজ কৰ্ম অধ্যয়ন কেন্দ্ৰৰ সহযোগী অধ্যাপক ডঃ আনচাই বাথৌ বসুমতাৰীয়ে এক তত্বগধূৰ মনোজ্ঞ ভাষণ প্ৰদান কৰে।

তেওঁ ভাষণ প্ৰসঙ্গত সাম্প্ৰতিক সময়ত মানসিক ৰোগ অকল্পনীয়ভাবে বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে। বিশ্বত প্ৰতিবছৰে ১৫ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ ভিতৰত প্ৰায় দহ লাখ লোকে আত্মহত্যাৰ দৰে কাৰ্যপন্থা লোৱাৰ বিপৰীতে আমাৰ দেশত বছৰি দুই লাখ আৰু ৰাজ্যখনত ১২ হাজাৰতকৈ অধিক যুৱক-যুৱতীয়ে আৰ্থিক দৈন্যতা, নিজৰ লক্ষ্যৰ পৰা বিচলিত হোৱা, অপৰাধজনিত কাৰণ, প্ৰেমজনিত কাৰণ, সংস্থাপন বিচাৰি বিফল হোৱা, সম্মান হানি ইত্যাদি বিভিন্ন সমস্যাত ভুগি আত্মহত্যাৰ দৰে পথ বাচি লৈছে।

এনে ৰোগৰ পৰা হাত সাৰিবলৈ মানসিক ভাবে সুস্থ, সামাজিক ভাবে সবল কৰি তুলিবলৈ মাইণ্ড এডুকেশ্যন ব্যৱস্থাৰ প্ৰয়োজন বুলি কয়।

সাধাৰণ শিক্ষাৰে শিক্ষিত হ’লেও মানসিক শিক্ষাৰে শিক্ষিত নহ’লে কেতিয়াও জীৱনৰ পথ মসৃণ নহয় বুলি ব্যক্ত কৰে।

লগতে পঢ়কঃস্বৰ্নিম বিজয় মাছালক অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰত আদৰণি

অনুষ্ঠানত আন্তৰ্জাতিক মন শিক্ষা প্ৰতিষ্ঠানৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰিচালক উদয়ৰাজ পৌণ্ডেলে অংশগ্ৰহণ কৰি মাইণ্ড ডিজাইনৰ বিষয়ে বক্তব্য আগবঢ়াই কয় যে যেনেকৈ এটি বিল্ডিং নিৰ্মাণৰ পূৰ্বে এটা ব্লু প্ৰিণ্টৰ প্ৰয়োজন ঠিক তেনেকৈ এটি শিশু বা নিজৰ সন্তানক ভৱিষ্যতে গঢ় দিবলৈ হ’লে এটি ডিজাইনৰ প্ৰয়োজন।

অনুষ্ঠানৰ পূৰ্বে চালাছ্কাং জামাতীয়াই এটি গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে। শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা অনলাইন ৱেবিনাৰখনত প্ৰবক্তা ক্ৰমে হিমাদ্ৰী বাৰ্মা, পল্লৱী কলিতা, মৃদুস্মিতা ফুকন, শিক্ষক প্ৰশিক্ষাৰ্থী যোগেশ টাও, দিলীপ গগৈ, মনজিত্‍ ঠাকুৰ, ভীমবৰ পাতিৰিয়ে মত-বিনিময়ত ভাগ লৈ যথেষ্ট উপকৃত হোৱা বুলি অনুভৱ ব্যক্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply