চাবুৱাঃ ডিব্ৰুগড় জিলাৰ চাবুৱা বিশমাইলস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত যোৱা আঠ আগষ্টত লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে প্ৰস্তুতি চলোৱা সকলক লৈ এখনি অনলাইন ৱেবিনাৰ সফলতাৰে সম্পন্ন হয়।

প্ৰতিষ্ঠানটোৰ প্ৰবক্তা তথা অনুষ্ঠানটোৰ সমন্বয়ক স্বৰাজ ফুকনে আঁতধৰা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি চলোৱা সকলৰ উদ্দেশ্যে আয়োজন কৰা অনলাইন অনুষ্ঠানটোত উপস্থিত থাকি অসম চৰকাৰৰ কৰ অধীক্ষক তথা ‘Competition Care’ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক অংশুমা‍ন গগৈয়ে এক মননশীল পৰামৰ্শ আগবঢ়ায়।

সমল ব্যক্তিগৰাকীয়ে কয় যে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ হ’লে কোনটো বিষয় কেনেদৰে প্ৰস্তুতি চলাব লাগিব, প্ৰস্তুতিৰ বাবে পূৰ্ব বৰ্ষসমূসহৰ প্ৰশ্নকাকত আৰু অধিক অনুশীলন কেনেদৰে কৰিব লাগিব, সাধাৰণ জ্ঞানৰ নম্বৰ সংগ্ৰহ কৰিবলৈ কেনেধৰণৰ কৌশল অৱলম্বল কৰিব লাগিব, প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত মূল পৰীক্ষাত প্ৰশ্নোত্তৰ দিবলৈ যাওঁতে কিমান শব্দৰ ভিতৰত লিখিব লাগিব, ৰচনাত যিকোনো নিৰ্বাচিত বিষয় এটাৰ ওপৰত বাৰশ শব্দৰ ভিতৰত কেনেকৈ কম সময়ৰ ভিতৰত লিখিব লাগিব, মানচিত্ৰ কেনেকৈ অধ্যয়ন কৰিব, কেনেধৰণৰ প্ৰশ্ন আহিব, অধ্যয়নৰ সময়ত কোনটো বিষয়ত কিমান সময় ব্যয় কৰিব লাগিব, অসমীয়া মাধ্যমত ৰচনা লিখোতে কোনটো দিশত সচেতন হোৱাৰ দৰকাৰ, ইংৰাজী মাধ্যমৰ বাবে কি কি দিশত সুবিধাজনক হয়, নিজকে পাৰদৰ্শিতা সহকাৰে উত্তীৰ্ণ হ’বলৈ হ’লে কেনেধৰণৰ যুক্তি আৰু মানসিকতাৰে প্ৰস্তুত হ’ব লাগিব ইত্যাদিৰ ওপৰত এক তথ্য আৰু যুক্তি সহকাৰে মনোজ্ঞ পৰামৰ্শসূচক আলোচনা আগবঢ়ায়।

অধীক্ষক তথা প্ৰশিক্ষক গৰাকীয়ে একেৰাহে আঢ়ৈ ঘণ্টা অবিৰত ভাৱে চলা এই মননশীল আলোচনাত দুই শতাধিক ছাত্র-ছাত্ৰী তথা অসম লোক সেৱা আয়োগৰ প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব লগীয়া শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি ৱেবিনাৰ খন সময় উপযোগী তথা অধিক উপকৃত হোৱা বুলি মতামত আগবঢ়ায়।

উক্ত অনুষ্ঠানটোত প্ৰতিষ্ঠানটোৰ প্ৰবক্তা অনিমা গোস্বামী, নিপামণি টায়ে, পল্লবী কলিতা, হিমাদ্ৰী বাৰ্মা আৰু মৃদুস্মিতা ফুকনকে আদি কৰি যথেষ্টসংখ্যক প্ৰশিক্ষাৰ্থী উপস্থিত থাকে।

লগতে পঢ়কঃজামুগুৰিহাটৰ ১০৩ বছৰীয়া আইতাৰ শৰীৰত অশৰীৰি আত্মাৰ অৱস্থান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply