সোণাৰি : চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত বিনীতা পেগুৰ পৌৰহিত্যত জল জীৱন আঁচনিৰ সন্দৰ্ভত সোমাবাৰে এখন সভা অনুষ্ঠিত হয়।

উক্ত সভাত উপায়ুক্ত গৰাকীয়ে অসম চাহ‌ নিগমৰ অধীনস্থ চাহ বাগিছা সমূহৰ প্ৰতিটো পৰিয়ালে যাতে চৰকাৰে প্ৰৱৰ্তন কৰা জল জীৱন আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱাপানী অনতিপলমে পাব পাৰে সেইটো নিশ্চিত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়।

লগতে পঢ়ক : মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা

সভাত অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়া, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ বিষয়ববীয়া সকলৰ লগতে শ্ৰম কল্যাণ বিষয়া আৰু চৰাইদেউ জিলাৰ চাহ বাগিছা সমূহৰ বিষয়াববীয়া সকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply