ছয়গাঁওঃ ছয়গাঁৱকে ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন গাঁৱত দীৰ্ঘদিন ধৰি নিজকে বাবা বুলি চিনাকি দি সহজ-সৰল গাঁৱৰ মহিলা জীয়ৰীৰ পৰা ধন সোণ লুট কৰা এগৰাকী ভণ্ড বাবা অৱশেষত পৰিল ছয়গাঁও আৰক্ষীৰ জালত৷ ভণ্ড বাবাজী জন হ’ল হোজাইৰ কাল চান৷

জানিব পৰা মতে, কাল চান নামৰ এই গৰাকী ভণ্ড বাবাই বিভিন্ন গাঁৱলৈ গৈ সহজ-সৰল পৰিয়ালৰ লোকক তেওঁৰ পৰা উপদেশ তথা তাবিজ ল’লে পৰিয়ালৰ ভাল হ’ব বুলি কথাৰ মায়াজালেৰে মুহিত কৰি বৃহৎ পৰিমাণৰ ধন লয়৷ তেওঁ অতি কৌশলৰে বহু মহিলাৰ ভাল হ’ব বুলি কৈ তেওঁলোকৰ আ-অলংকাৰ সমূহ চাউলৰ মাজত থ’বলৈ উপদেশ দিয়ে৷

কিন্তু পাছত তেঁও অতি কৌশলৰে মহিলা সকলৰ আ-অলংকাৰ সমূহ হস্তগত কৰে৷ এনেদৰে বহু পৰিয়ালক ঠগি ধন সোণ সংগ্ৰহ কৰা ভণ্ড বাবা গৰাকীৰ বিষয়ে কেইবাটাও পৰিয়ালে ছয়গাঁও আৰক্ষীক অৱগত কৰে৷ বিগত কেইবাদিনো ধৰি ছয়গাঁও আৰক্ষীৰ লোকে সাধাৰণ পোচাকত ভণ্ড বাবাজনক আটক কৰাৰ বাবে অভিযান অব্যাহত ৰাখে ৷

আৰক্ষীৰ এটি দলে যোৱা সোমবাৰে পাছগুমিত অতি কৌশলৰে ভণ্ড বাবাজনৰ মটৰ চাইকেলখন আৰু মবাইলটো জব্দ কৰিবলৈ সক্ষম হয়৷ এই ক্ষেত্ৰত স্থানীয় এটি পৰিয়ালে আৰক্ষীক সহায় কৰে৷ ভণ্ড বাবাজনৰ মবাইলটো স্থানীয় এজন লোকৰ হাতত থকা দেখুৱাই আৰক্ষীৰ লোকে বাবাজনৰ লগত কথা পাতি থাকে৷

তাৰপাছত বুধবাৰে চদ্মৱেশী আৰক্ষীৰ লোকজনে বাবাজনৰ মটৰ চাইকেলখন দিম বুলি এঠাইলৈ মাতে৷ সেই সময়তে আগৰে পৰা ছয়গাঁৱৰ গৰু বজাৰত চোপ লৈ থকা আৰক্ষীৰ দলটোৱে ভণ্ড বাবাজনক আটক কৰিবলৈ সক্ষম হয়৷ ভণ্ড বাবাজনৰ পৰা আৰক্ষীয়ে বহু সংখ্যক জৰা ফুকা কৰা সামগ্ৰী জব্দ কৰে৷

উল্লেখযোগ্য যে, অলপতে এই গৰাকী ভণ্ড বাবাই ঠাকুৰপাৰা গাঁৱৰ এটি পৰিয়ালৰ পৰা সকলো সোণ অতি কৌশলৰে লুটি নিছিল৷ আৰক্ষীয়ে ভণ্ড বাবাজনৰ পৰা ধন-সোণ জব্দ কৰিবলৈ সক্ষম হোৱা নাই যদিও তেওঁক জেৰা চলাই থকা হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply