ছয়গাঁওঃ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত কুকুৰমাৰা পহৰা চকীৰ আৰক্ষীৰ পুৱতি নিশা অভিযান ৷ এই অভিযানত ১৮ টা গৰু জব্দ কৰাৰ লগতে তিনিজনক আটক কৰে ৷

আটকাধীন গৰু সৰবৰাহকাৰী কেইটা ক্ৰমে ঘোৰামাৰাৰ ৰাজীৱ দাস , কন্দলপাৰাৰ কংকন ঠাকুৰীযা আৰু টকৰাদিয়াৰ বিপুল দাস ৷ জানিব পৰা মতে, এই ১৮ টা গৰু বৰটাৰী অঞ্চলৰ পৰা তিনিওজনে লৈ আহি আছিল ৷

এই খবৰ নিশাই লাভ কুকুৰমাৰা আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বলেন কলিতাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে গৰু কেইটা জব্দ কৰাৰ বাবে চোপ লৈ থাকে ৷ অৱশেষত পুৱতি নিশা ২নং জীয়াকুৰৰ জেজাৰবৰীত আৰক্ষীৰ দলটোৱে গৰু কেইটা জব্দ কৰাৰ লগতে তিনিও জনকে আটক কৰে ৷

সম্প্ৰতি গৰু কেইটা কুকুৰমাৰা পহৰা চকীত ৰখাৰ বিপৰীতে আটকাধীন লোক কেইজনক ছয়গাঁও আৰক্ষী থানাত জেৰা চলাই থকা হৈছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply