বিপুল দাস, ছয়গাঁওঃ দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত বিহদিয়াত উদ্ধাৰ এটি মৃতদেহ। সোমবাৰে সন্ধিয়া কলহী নৈৰ বুকুত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় এটি অচিনাক্ত পুৰুষৰ মৃতদেহ ৷
স্থানীয় লোকে সোমবাৰে বিয়লি কলহীৰ বুকুত মৃতদেহটো প্ৰত্যক্ষ কৰি ছয়গাঁও আৰক্ষীক খবৰ দিয়ে। পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি ছয়গাঁও থানালৈ লৈ আহে যদিও বৰ্তমানলৈকে চিনাক্তকৰণ হোৱা নাই। মৃতদেহটো আন ঠাইৰ পৰা পানীৰ সোঁতত উটি অহা বুলি ধাৰণা কৰা হৈছে।