ছয়গাঁওঃ দীৰ্ঘদিন ধৰি চৰকাৰৰ ওচৰত আবেদন কৰিও কোনো সহাৰি নোপোৱাত অৱশেষত মাৰবান্ধি ওলাই আহিল ৰাইজ। দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত ২ নং ৰতনপুৰ গাঁৱৰ ৰাইজে পুৱাই হাতে হাতে কোৰ লৈ ওলাই আহি মেৰামতি কৰিলে ২ নং ৰতনপুৰস্থিত চাকেলী অঞ্চলৰ চাকেলী প্ৰাথমিক বিদ্যালয়ৰ সন্মুখেৰে খৰখৰী নদীৰ পাৰলৈ যোৱা প্ৰায় চাৰে ৩ কিলোমিটাৰ পথ ৷
উল্লেখ্য যে, বছৰৰ প্ৰায়ভাগ সময়ে বোকাময় হৈ থকা পথটোৰে যাতায়াত কৰাৰ ক্ষেত্ৰত ৰাইজে যমৰ যাতনা ভুগিবলগীয়া হৈছে।
লগতে পঢ়কঃক্ৰাইম ব্ৰাঞ্চৰ জেৰাত হত্যাকাণ্ড কৰা বুলি স্বীকাৰ কৰিলে আকাশ চৌধুৰীয়ে
বোকাপানী গচকি ছাত্ৰ-ছাত্ৰী সকল বিদ্যালয়লৈ যোৱাৰ লগতে ৰোগী সকলোকো চিকিৎসালয়লৈ ঠেলাত নিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। সেয়ে প্ৰশাসনৰ পৰা কোনো সহাৰি নাপাই ৰাইজে প্ৰতিঘৰৰ পৰা ২০০ টকাকৈ বৰঙণি তোলাৰ লগতে গাঁৱৰ মানুহৰ পৰা কিছু বৰঙনি সংগ্ৰহ কৰে।
লগতে জেচিবি লগাই পথটো মেৰামতি আৰম্ভ কৰে। ৰাজ্যৰ মুখ্যমন্ত্রী, লোকসভাৰ সাংসদ, বিধায়ক তথা পঞ্চায়ত প্ৰতিনিধিয়ে ৰাইজৰ যাতায়াতৰ বাবে অতি প্ৰয়োজনীয় এই বিধ্বস্ত পথটো উন্নয়ন কৰি যাতায়াতৰ উপযোগী কৰি তোলাত কোনো সহাৰি নিদিয়াত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৰাইজে । সেয়ে পৰৱৰ্তী সময়ত বছৰৰ সকলো সময়ৰে উপযোগী কৰি তুলিবলৈ পথটি নিৰ্মাণ কৰিবলৈ ২ নং ৰতনপুৰ চাকেলী গাঁৱৰ ৰাইজে চৰকাৰ তথা প্ৰশাসনক অনুৰোধ জনাইছে ।