নিউজ ডেস্কঃ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান। এই অভিযানত ২ কোটি টকা মূল্যৰ ড্ৰাগছসহ আটক কৰা হৈছে তিনিটা কুখ্যাত ড্ৰাগছ মাফিয়াক।

উল্লেখযোগ্য যে, ছয়গাঁৱৰ গোবৰ্ধনত কামৰূপ মহানগৰ জিলাৰ বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলোৱা হয় এই অভিযান।

আৰক্ষীয়ে আটক হোৱা কুখ্যাত ড্ৰাগছ মাফিয়া কেইটা গোৱালপাৰাৰ মোজাম্মিল হক, হাফিজুৰ ৰহমান আৰু ছয়গাৱঁৰ জাকিৰ হুছেইন বুলি জানিব পৰা গৈছে।

বিভিন্ন কৌশল অৱলম্বন কৰি আৰক্ষী বিষয়া কপিল পাঠকে ছয়গাঁৱত খাপ পিটি আটক কৰিবলৈ সক্ষম হৈছে এই ড্ৰাগছ মাফিয়া কেইটাক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply