বিপুল দাস, ছয়গাঁওঃ ছয়গাঁৱত সামৰণি পৰিছে সাতদিনীয়াকৈ অনুষ্ঠিত “বৈজ্ঞানিক ভাৱে মৌপালন”ৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ। নেচনেল বি কিপিং ব’ৰ্ডৰ সহযোগী সংস্থা চল্ট ৰেঞ্জ ফুড প্ৰাইভেট লিমিটেডৰ উদ্যোগত তথা নেচনেল বি ব’ৰ্ড, ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগ তথা অসম চৰকাৰৰ বন বিভাগৰ সহযোগত ছয়গাঁৱৰ বামুণীগাঁওস্থিত টেঙাজাতীয় শস্যৰ উৎকৰ্ষ সাধন কেন্দ্ৰত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে।
এই প্ৰশিক্ষণ শিবিৰত বনাঞ্চলত বাস কৰা ২৫ জন ব্যক্তিয়ে অংশগ্ৰহণ কৰে। কাইলৈৰ পৰা আৰম্ভ হ’বলগা দ্বিতীয়টো প্ৰশিক্ষণ শিবিৰত বনাঞ্চলত বাস কৰা আন ২৫গৰাকী ব্যক্তিক মৌপালনৰ প্ৰশিক্ষণ দিব।
এই প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰি ডিম্পী বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক গণেশ শৰ্মা, এন এ এফ ই ডিৰ বিষয়া গগণদ্বীপ সিং কোহলি আৰু ক্ষেত্ৰ পৰ্যবেক্ষক সদানন্দৰ লগতে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে, এই প্ৰশিক্ষণৰ দ্বাৰা স্থানীয় লোকসকলে উপকৃত হ’ব বুলি আশাবাদী অনুষ্ঠানত উপস্থিত থকা লোক সকল৷