ছয়গাঁওঃ আজি বিশ্ব পৰিৱেশ দিৱস। এই দিৱসটিৰ সৈতে সংগতি ৰাখি যোৱা ৩০ মে’ ৰ পৰা ৫ জুনলৈ ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সমাজ সেৱা বিভাগৰ উদ্যোগত আৰু গ্ৰীণ এণ্ড ক্লীন কমিটীৰ সহযোগত পৰিৱেশ সপ্তাহ উদযাপন কৰা হয়৷
এই সপ্তাহজোৰা পৰিৱেশ দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আকস্মিক বক্তৃতা প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, চিত্ৰাংকণ প্ৰতিযোগিতা, মুকলি কুইজ প্ৰতিযোগিতা আৰু প্ৰহেলিকা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। শনিবাৰে পৰিৱেশ সম্পৰ্কীয় এক আলোচাও অনুষ্ঠিত হয়৷
আলোচনা চক্ৰত মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপক ফনীন্দ্ৰ কলিতাই পৰিৱেশ সম্পৰ্কত বক্তৃতা আগবঢ়ায়৷ ইফালে, শনিবাৰে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰ সকলে পৰিৱেশ সম্পৰ্কীয় কেইবাখনো চুটী নাট প্ৰদৰ্শন কৰে ৷
আনহাতে, নাট পৰিৱেশন কৰাৰ আগতে বিভিন্ন প্ৰতিযোগিতাত বঁটাপ্ৰাপক ছাত্ৰ-ছাত্ৰী সকলক বঁটা সমূহ প্ৰদান কৰা হয় ৷ মহাবিদ্যালয়ৰ চম্পকজ্যোতি পেক্ষাগৃহত অনুষ্ঠিত শনিবাৰৰ কাৰ্যসূচীত বহু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যাপক অধ্যাপিকাই নাট সমূহ উপভোগ কৰে৷