গুৱাহাটী : কামৰূপ জিলা দুই সমষ্টি ছয়গাঁও আৰু বকোত কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত পৰাস্ত হ’বলগীয়া হ’ল বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী। ছয়গাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ আৰু বকোত নন্দিতা দাসক পৰাস্ত কৰিব নোৱাৰিলে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী। ছয়গাঁও সমষ্টিৰ পৰা ৰেকিবুদ্দিন আহমেদ তৃতীয়বাৰৰ বাবে বিধয়াক তথা বকো সমষ্টিৰ পৰা নন্দিতা দাস দ্বিতীয়বাৰৰ বাবে বিধায়িকা হিচাপে নিৰ্বাচিত হ’ল।

দেওবাৰে ঘোষণা কৰা হয় অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। অসমৰ লগতে পাঁচখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল দেওবাৰে ঘোষণা কৰা হয়। দেশত কভিড মহামাৰীৰ সংহাৰী ৰূপ অব্যাহত থকাৰ বাবে সম্পূৰ্ণ কভিড প্ৰ’টকলৰ মাজত এইবাৰ অনুষ্ঠিত কৰা হয় ভোট গণনা। অসমত পুনৰবাৰ বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল যদিও কংগ্ৰেছৰ দুই প্ৰাৰ্থীৰ গাদী লৰাব নোৱাৰিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী।

২০১৬ চনত ৰাজ্যত পৰিৱৰ্তনৰ শ্ল’গানেৰে ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰি শাসনৰ গাদী দখল কৰা বিজেপিয়ে লৰাব পৰা নাছিল কামৰূপৰ দুই সমষ্টিৰ কংগ্ৰেছৰ ভেটি। ছয়গাঁও আৰু বকো সমষ্টি কংগ্ৰেছ দলে বিজেপিৰ ধুমুহাৰ মাজতো নিজৰ পক্ষত ৰাখিবলৈ সক্ষম হৈছিল। ইয়াৰে পুনৰাবৃত্তি ঘটাই এইবাৰো এই দুটা সমষ্টি কংগ্ৰেছ দলে নিজৰ পক্ষত ধৰি ৰাখিবলৈ সক্ষম হ’ল।

ছয়গাঁও সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ আৰু বকো সমষ্টিত নন্দিতা দাসে কোনো ধৰণৰ সুবিধা নিদিলে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক। ছয়গাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ ৯৩,৮২২৬ টা ভোট লাভ কৰাৰ বিপৰীতে ৰেকিবুদ্দিন আহমেদৰ হাতত পৰাস্ত হোৱা ডাঃ কমলাকান্ত কলিতাই লাভ কৰে ৬৫,৭৫৬ টা ভোট। আনহাতে বকোত নন্দিতা দাসে মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাসক পৰাস্ত কৰে প্ৰায় ৫৩ হাজাৰ ভোটত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply