সোণাৰি : চলা গ্ৰাম্য অভয়াৰণ্যৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে নিৰৱচ্ছিন্ন প্ৰয়াস চলাই যোৱা চৰাইদেউ জিলাৰ চলাপথাৰত থকা চলা ভিলেজ চেনচুৱেৰী কনজাৰভেচন চছাইটিৰ ২০২২ বৰ্ষৰ সজগতামূলক কাৰ্যসূচী আগন্তুক ১০ জানুৱাৰীৰ পৰা আৰম্ভ হব ৷
চৰাইদেউ জিলাৰ অত্যতম বনাঞ্চল চলা সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষে্ত্ৰত বাবে বন বিভাগলৈ সহযোগ আগবঢ়াই সংগঠনটোৱে বিগত ৫ বছৰে নিৰৱচ্ছিন্নভাৱে সজাগতামূলক কাৰ্যসূচী ৰূপায়নেৰে চলা সংৰক্ষিত বনাঞ্চলৰ চাৰিওকাষৰ ৰাইজক সচেতন কৰি তুলিছে ৷যাৰ ফলস্বৰূপে চলা সংৰক্ষিত বনাঞ্চলত পূৰ্বে চলি থকা মূল্যবান কাঠৰ চোৰাং কাৰবাৰ বৰ্তমান সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৷
ইয়াৰ লগতে বনাঞ্চল খনত পূৰ্বৰ বনধ্বংসৰ বাবে সৃষ্টি হোৱা খালি ঠাইসমূহত স্থানীয় ৰাইজক লগত লৈ বন বিভাগৰ সহযোগত ব্যাপক বনানিকৰন কাৰ্যসূচীও সংগঠনটোৱে গ্ৰহন কৰি আহিছে ৷চলা গ্ৰাম্য অভয়াৰণ্যৰ প্ৰাকৃতিক সম্পদৰ সুৰক্ষাৰ বাবে সংগঠনটোৱে অৰণ্যখনৰ চাৰিওকাষৰ পৰা ২২ উদ্যমী যুবকক লৈ গঠন কৰা Forest Protection Party য়ে বন বিভাগৰ সুৰক্ষা কৰ্মীৰ দৰেই দিনে নিশাই অৰণ্য খনক সুৰক্ষা প্ৰদান কৰি আহিছে ৷
অৰণ্য সংৰক্ষণৰ বাবে মূল প্ৰয়োজনেই হল অৰণ্যৰ চাৰিওকাষৰ ৰাইজৰ মাজত অৰণ্য সংৰক্ষণৰ সজাগতা সৃষ্টি কৰা এই কথাষাৰৰ ওপৰত বিশ্বাস ৰাখি চলা সংগঠনটোৱে বিগত ৫ বছৰ নিৰৱচ্ছিন্নভাৱে চলা বনাঞ্চলৰ কাষৰীয়া গাওঁ আৰু বিদ্যালয়সমুহত সজাগতা সভা অনুষ্ঠিত কৰি আহিছে ৷
স্থানীয় ৰাইজ তথা সংগঠনে সহযোগ কৰি অহা এই সংগঠনটোক এই বাৰ সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে ডব্লিউ ডব্লিউ এফ দৰে বিশ্ব বিখ্যাত প্ৰকৃতি সংগঠনে ৷ উব্লিউ ডব্লিউ এফে চলা ভিলেজ চেনচুৱেৰী কনজিৰভেচন চছাইটিৰ ২০২২ বৰ্ষৰ অৰণ্য সংৰক্ষণৰ সকলো কাৰ্যসূচীৰ পৃষ্ঠপোষকতা কৰিব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক- নগাঁৱত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাৰ আয়োজন
সংগঠনটোৱে এই বৰ্ষত চলা গ্ৰাম্য অভয়াৰণ্যৰ কাষৰীয়া গাৱঁৰ সাধাৰন ৰাইজ আৰু বিদ্যালয়সমুহৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অৰণ্য সংৰক্ষণ সম্পৰ্কীয় ৫ টা সজাগতামূলক কাৰ্যসূচী আৰু চছাইটিৰ স্বেচ্ছাসেৱক আৰু Forest Protection Party ৰ সদস্যসকলৰ বাবে বিশেষ প্ৰশিক্ষণৰো অন্য দুটা কাৰ্যসূচী হাতত লব ৷