গোলাঘাট : উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে শনিবাৰে গোলাঘাট জিলাৰ আৱৰ্ত ভৱনৰ সভাকক্ষত জিলাখনৰ ক’ভিড পৰিস্থিতি আৰু জল জীৱন অভিযানৰ লগতে কেইবাটাও বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে। জিলাখনৰ ক’ভিড পৰিস্থিতিৰ সামান্য উন্নতি হোৱাত সন্তুষ্টি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসন আৰু আৰক্ষীক ক’ভিডৰ নীতি-নিৰ্দেশনা আৰু অধিক কঠোৰভাৱে বলৱৎ কৰাত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে।
মন্ত্ৰীগৰাকীয়ে জল জীৱন অভিযানৰ কাম-কাজৰো পৰ্যালোচনা কৰে। তেওঁ ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালে পাইপেৰে পানী লাভ কৰাটো সুনিশ্চিত কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়ে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধ্বজাবাহী আঁচনিসমূহৰ অন্যতম জল জীৱন অভিযানৰ সফল ৰূপায়নত মুখ্যমন্ত্ৰীয়ে নিজেই বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। তেওঁ পুঁজিৰ চিন্তা নকৰাকৈ অগ্ৰাধিকাৰ ভিত্তিত এই আঁচনি ৰূপায়নত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে। এই আঁচনিৰ দ্বাৰা গোলাঘাট জিলাৰ ১ লাখৰো অধিক পৰিয়ালক সামৰি লোৱা হৈছে।
বাদ পৰি যোৱা পৰিয়ালসমূহকো অতি সোনকালেই পৰ্যায়ক্ৰমে এই আঁচনিৰ অন্তৰ্ভূক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীক বিভাগৰ তৰফৰ পৰা অৱগত কৰোৱা হয়। মন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলাত যাতে এটাও পৰিয়াল বাদ নপৰে সেইয়া সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে খৰাংপীড়িত সৰুপথাৰ অঞ্চলত জলসিঞ্চন বিভাগৰ সহযোগত সৌৰ শক্তিৰ দ্বাৰা পৰিচালিত গভীৰ নলীনাদ স্থাপন কৰি খেতিয়কক কৃষিকাৰ্যত সহায় কৰিবলৈ মন্ত্ৰীগৰাকীয়ে কৃষি বিভাগক নিৰ্দেশ দিয়ে। কৃষি খণ্ডৰ বিকাশৰ বাবে বিভাগৰ বিষয়ববীয়াসকলক উদ্ভাৱনীমূলক পদক্ষেপ ল’বলৈও তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে পৰিবহন আৰু উদ্যোগ আৰু বাণিজ্য বিভাগৰো কাম-কাজৰ পৰ্যালোচনা কৰে।
লগতে পঢ়ক : উত্তৰ-পূব মহাকাশ প্রয়ােগ কেন্দ্র ছ’চাইটিৰ বিশেষ বৈঠকত অংশগ্রহণ মুখ্যমন্ত্রীৰ
পিছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে ক’ভিড আক্ৰান্তৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰি পৰ্যালোচনামৰ্মে জিলাখনত নিষেধাজ্ঞাসমূহ শিথিল কৰা সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব। সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পথৰ দাঁতিৰ ব্যৱসায়ীসকলৰ বাবে কিবা কৰিব পাৰি নেকি এই বিষয়ে চিন্তা-চৰ্চা কৰি আছে। বৈঠকত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল।