প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

চন্দ্ৰপুৰঃ চন্দ্ৰপুৰৰ ধীপুঁজি জানপামত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। জ্যেষ্ঠ ভাতৃৰ দাৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে কনিষ্ঠ ভাতৃ। জ্যেষ্ঠ ভাতৃ বিদ্যাধৰ বিশ্বাসে পৰিয়ালৰে ভনীজোঁৱাই এজনৰ লগত কাজিয়া লাগি থকা অৱস্থাত নন্দ বিশ্বাসে কাজিয়া ভাঙিবলৈ যোৱাত বিদ্যাধৰ বিশ্বাসে নন্দ বিশ্বাসক দাৰে পিছফালৰ পৰা মূৰত আঘাত কৰে। দাৰ ঘাপত মূৰত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় কনিষ্ঠ ভাতৃ নন্দ বিশ্বাস।

লগতে পঢ়কঃলংকাত পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰিলে স্বামীয়ে

গুৰুতৰভাৱে আহত নন্দ বিশ্বাসক চিকিৎসালয়লৈ লৈ যোৱা হয়। ইতিমধ্যে নন্দ বিশ্বাসে জ্যেষ্ঠ ভাতৃ বিদ্যাধৰ বিশ্বাসৰ ওপৰত এখন এজাহাৰ দাখিল কৰে। প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাই এজাহাৰৰ ভিত্তিত বিদ্যাধৰ বিশ্বাসত আটক কৰি ভাৰতীয় দণ্ড বিধি আইনৰ ৩২৬ ধাৰাত প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত ৬৭/২২ নম্বৰত এটি গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,334 other subscribers

Leave a comment

Leave a Reply Cancel reply