গুৱাহাটীঃ মহানগৰীৰ চন্দ্ৰপুৰত ব্ৰহ্মপুত্ৰত উপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ।
উদ্ধাৰ হোৱা মৃতদেহটো ২ নং চন্দ্ৰপুৰৰ নিশিত সেন বুলি জানিব পৰা গৈছে।
স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
শনিবাৰৰ পৰা সন্ধানহীন হৈ আছিল নিশিত ।
শনিবাৰে পুৱা ৭বাজি ৩০মিনিটত প্ৰাতঃভ্ৰমণলৈ ওলাই আহি সন্ধানহীন হৈ থকাৰ কথা উল্লেখ কৰিছে পৰিয়ালৰ লোকে।
লগতে পঢ়কঃসাংবাদিক ৰাজু বৰুৱাৰ চিকিৎসাৰ বাবে বিধায়ক পদ্ম হাজৰিকাই আগবঢ়ালে ২ লাখ টকাৰ অনুদান