চন্দ্ৰপুৰঃ চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্তৰ বাতিলৰ লগতে আৱৰ্জনা জমা কৰা কাৰ্য বন্ধ কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত আছে।

মূৰত হেলমেট আৰু ক’লা বেজ পৰিধান কৰি অভিনৱ প্ৰতিবাদ সাব্য়স্ত কৰে চন্দ্ৰপুৰ বাসী ৰাইজে।

উল্লেখ্য যে, বুধবাৰে দিনৰ ভাগত গণতান্ত্ৰিক প্ৰতিবাদ কৰা প্ৰতিবাদী ৰাইজৰ ওপৰত আৰক্ষীয়ে বৰ্বৰ ভাবে আক্ৰমণ চলাইছিল। প্ৰতিবাদকাৰীৰ ওপৰত লাঠী চার্জ কৰিছিল। লগতে ডিঙি চেপি চুচৰাই প্ৰতিবাদ মষিমূৰ কৰাৰ চেষ্টা কৰিছিল অসম আৰক্ষীয়ে। আৰক্ষীৰ আক্ৰমণত কেইবাগৰাকীও প্ৰতিবাদকাৰী গুৰুতৰ  ভাবে আহত হৈছিল।

আৰু পঢ়কঃজিলা উপায়ুক্তৰ কাৰ্যালয় স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়াৰ আৰম্ভণিতে বিৰোধ

পিছে বৃহস্পতিবাৰে পুনৰ চন্দ্ৰপুৰ বেংক তিনিআলিত আছু কৰ্মী আৰু স্থানীয় লোকসকলে সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰে।

যোৱা ২৬ জুন ৰ পৰা চন্দ্ৰপুৰত এই  প্ৰতিবাদ অব্যাহত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply