চন্দ্ৰপুৰঃ পুনৰ ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চ চন্দ্ৰপুৰৰ উদ্যোগত উলিওৱা হয় সত্যাগ্ৰহ কাৰ্যসূচী।
চন্দ্ৰপুৰ সূতাকল ৰাজহুৱা খেল পথাৰৰ পৰা চন্দ্ৰপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়লৈ ৰেলি উলিয়াই সাব্যস্ত কৰে প্ৰতিবাদ
প্ৰতিবাদস্থলীত হঠাতে উপস্থিত হয় কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ সহ প্ৰাক্তন কংগ্ৰেছি মন্ত্ৰী অকণ বৰা।
অসম আৰক্ষীয়ে যোৱা ১৪ জুলাইত গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰা নিৰীহ লোকৰ ওপৰত জপিয়াই পৰা কাণ্ডত ধিক্কাৰ জনাইছে সাংসদ গৰাকীয়ে আৰু এনে কাৰ্য্যৰ পৰা অসম আৰক্ষীক বিৰত থাকিবলৈ তেওঁ আহ্বান জনায় ।
ইয়াৰ পিছতেই সাংসদ গৰাকী সহ কংগ্ৰেছ প্ৰতিনিধি দলটোৱে ১৪ জুলাইত আৰক্ষীৰ বৰ্বৰতাত আহত হোৱা ৰূপম কলিতাৰ ঘৰলৈ গৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয়।
আৰু পঢ়কঃগভীৰ সংকটত বাছ মালিক সকল : ছেপ্টেম্বৰৰ ভিতৰত কৰ আদায়ৰ নিৰ্দেশ চৰকাৰৰ
এই সত্যাগ্ৰহ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসৰ নেতৃত্বত অহা আছুৰ কেন্দ্ৰীয় সমিতিৰ এটি সজাতি দলে অংশগ্ৰহণ কৰি অসম চৰকাৰে গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰা আছু কৰ্মীৰ লগতে ৰাইজৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণক তীব্ৰ ভাষাৰে নিন্দা প্ৰকাশ কৰি চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিব বিচৰা সিদ্ধান্ত অতিশীঘ্ৰে বাতিল কৰিবলৈ আহ্বান জনায়।
সত্যাগ্ৰহ কার্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত আছুৰ সজাতি দলটোৱে আঘাতপ্ৰাপ্ত হোৱা ৰূপম কলিতাৰ ঘৰলৈ গৈ ৰূপম কলিতাৰ স্বাস্থ্যৰ বুজ লয়।
উল্লেখ্য যে যোৱা ২৬ জুনৰ পৰা চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধীতাৰে ধাৰাবাহিকভাৱে অব্যাহত আছে প্ৰতিবাদ।