চন্দ্ৰপুৰঃ এপষেক অতিক্ৰম কৰাৰ উপক্ৰম হৈছে চন্দ্ৰপুৰত ড্ৰাম্পিং গ্ৰাউণ্ড বিৰোধী প্ৰতিবাদে।
প্ৰতিদিনে ন ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে চন্দ্ৰপুৰৰ ৰাইজে।
প্ৰসংগ এটাই। চন্দ্ৰপুৰত প্ৰস্তাৱিত ড্ৰাম্পিং গ্ৰাউণ্ড চন্দ্ৰপুৰৰ ৰাইজে মানি নলয়। ফলশ্ৰুতিত ধাৰাবাহিক আন্দোলন অব্যাহত আছে।
শুক্ৰবাৰে পুনৰ চন্দ্ৰপুৰৰ ৰাজপথত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়নেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে।
আৰু পঢ়কঃশিৱসাগৰত বেআইনী ভাৱে চলি থকা পেকেজিং খোৱাপানী উদ্যোগৰ ভয়ঙ্কৰ ছবি
চন্দ্ৰপুৰৰ শতাধিক লোকে হাতে হাতে ড্ৰাম্পিং গ্ৰাউণ্ড বিৰোধী প্লে -কাৰ্ড লৈ নাৰেংগী-চন্দ্ৰপুৰ-মৰিগাঁও সংযোগী ৰাজ্যিক ঘাইপথৰ চন্দ্ৰপুৰ হাইস্কুল তিনিআলিৰ পথৰ কাষে কাষে থিয় হয় প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীৰ দাবী চন্দ্রপুৰত কোনো কাৰণতে গুৱাহাটীৰ আৱৰ্জনা পেলোৱা ড্ৰাম্পিং গ্ৰাউণ্ড হ’বলৈ দিয়া নহ’ব। প্ৰয়োজন হলে জাবৰ কঢ়িওৱা গাড়ীৰ আগত পৰি হ’লেও চন্দ্ৰপুৰত জাবৰ পেলোৱা কাৰ্যক ৰাইজে বাধা দিব।
প্ৰশ্ন হয় ইমানৰ পিছতো চৰকাৰে এই ৰাইজৰ গণতান্ত্ৰিক প্ৰতিবাদৰ সঁহাৰি জনাব নে?