নিউজ ডেস্কঃ ১ জুনৰ পৰা ৫ জুনলৈ অসমত SBIকে ধৰি সকলো বেংকৰ ৱৰ্কিং আৱাৰ সলনি কৰা হৈছে।
পূৰ্বৰ নিদ্ধাৰিত সময় ১০ বজাৰ পৰিৱৰ্তে পুৱা ৯ বজাতে আৰম্ভ হ’ব বেংকৰ কাম-কাজ।
ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি ষ্টেট লেভেল বেংকার্ছ কমিটীয়ে এই সিদ্ধান্ত গ্রহণ কৰিছে৷
দুপৰীয়া ১ বজালৈ চলিব বেংকৰ কাম-কাজ। এই সময়ছোৱাতে প্ৰয়োজনীয় বেংকৰ সকলো কাম-কাজ সকলোৱে কৰি ল’ব পাৰিব।
ৰাজ্যত ক’ভিড পৰিস্থিতিৰ বাবে চৰকাৰে ঘোষণা কৰা আংশিক লকডাউনৰ বাবে বেংকৰ কাম-কাজৰ নিৰ্ধাৰিত সময় সলনি কৰা হৈছে।
আৰু পঢ়কঃকোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত গৰু চিণ্ডিকেট চক্ৰৰ নায়ক শ্বাহজালাল শ্বেখ