নিউজ ডেস্কঃ ৰাজ্যত দিনকদিনে বৃদ্ধি পাইছে অপৰাধৰ ঘটনা। আজি চাংসাৰিত সংঘটিত হৈছে ডকাইতি কাণ্ড ।
চাংসাৰিত দুৰ্বৃত্তই এগৰাকী ব্যক্তিৰ পৰা লুটি নিলে ৩১ লাখ টকা। জানিব পৰা মতে, যিজন ব্যক্তিৰ পৰা ধন লুটি নিয়া হৈছে তেওঁৰ নাম ৰঞ্জিত নাথ।
ট্ৰাক মালিক সন্থাৰ বিষয়ববীয়া নাথে ট্ৰাকৰ ভাড়া দিবলৈ আনিছিল ধনখিনি। আৰু সেই সময়তে চাংসাৰি থানাৰ সমীপতে এই ঘটনা সংঘটিত হয়।