নিউজ ডেস্কঃএন ই আৰ পাৱাৰ চিষ্টেম ইমপ্রোভমেণ্ট প্ৰজেক্টৰ অধীনত নিৰ্মিত ১৩২/৩৩ কে ভি, ২×৩১.৫ এম ভি এ চাপাখোৱা উপ কেন্দ্ৰৰ “কন্ট্ৰ’ল ৰূম” আজি শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
বিদ্যুতৰ জটিল সমস্যাটোৰ বাবে চাপাখোৱাত এতিয়ালৈ কোনো উদ্যোগ স্থাপন হোৱা নাছিল। এই উপ-কেন্দ্ৰই প্ৰায় ২৫,০০০ গ্ৰাহকক সাঙুৰি লৈ শদিয়া আৰু সমগ্ৰ চুবুৰীয়া অঞ্চলটোৱে সন্মুখীন হৈ থকা বিদ্যুৎ সৰবৰাহৰ গুৰুতৰ সমস্যাটো সমাধান কৰিব।
লগতে পঢ়কঃমানকাচৰত MGNREGA আঁচনিৰ নামত চলিছে দুৰ্নীতি
উদ্ধোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ””শদিয়াৰ এটা দীৰ্ঘদিনিয়া সমস্যাৰ অন্ত পৰিল।শদিয়াত এতিয়া ইণ্ডাষ্ট্ৰী কৰিব পাৰিব। শদিয়া আৰু এখোপ উন্নয়নৰ দিশত আগবাঢ়ি যাব”।
উক্ত অনুষ্ঠানত অসম চৰকাৰৰ শক্তি মন্ত্ৰী বিমল বড়া, ৰাজহ মন্ত্ৰী যোগেন মহন,লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলীন চেতিয়া, বিধায়ক ভাস্কৰ শৰ্মা, জিলা উপায়ুক্ত নৰসিং পাৱাৰ সম্ভাজী আদি উপস্থিত থাকে।