চাপৰ – চাপৰত জব্দ ২.৭৮ লাখ টকা। আৰক্ষী আৰু ফ্লাইং স্কোৱাডৰ যৌথ অভিযানত জব্দ ২.৭৮ লাখ টকা। এএছ-০১-বিভি-০১৯১ নম্বৰৰ এখন ছুইফট ডিজায়াৰৰ পৰা আৰক্ষী আৰু ফ্লাইং স্কোৱাডৰ দলে জব্দ কৰে টকাখিনি।

অসম বিধানসভা নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হোৱাৰ পিছৰে পৰা অধিক তৎপৰ হৈ পৰিছে ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰশাসন। কোনো লোকে যাতে নিৰ্বাচনৰ পূৰ্বে ধন সৰবৰাহ কৰিব নোৱাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে তালাচি অভিযান তীব্রতৰ কৰি তুলিছে।

ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ লগতে সীমান্তৰ অঞ্চল সমূহত প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰখা পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰে ধুবুৰী জিলাৰ চাপৰত আৰক্ষী আৰু ফ্লাইং স্কোৱাডৰ দলে অভিযান চলাই ২.৭৮ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয়। এএছ-০১-বিভি-০১৯১ নম্বৰৰ এখন ছুইফট ডিজায়াৰৰ পৰা আৰক্ষী আৰু ফ্লাইং স্কোৱাডৰ দলে জব্দ কৰে টকাখিনি।

ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত বহলপুৰত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী আৰু ফ্লাইং স্কোৱাডৰ দলে অভিযান চলাই নিশাৰ ভাগত জব্দ কৰে ২.৭৮ লাখ টকা। তিনিজন ব্যক্তিয়ে চাৰিচকীয়া বাহনখনেৰে টকাখিনি লৈ আহি থকা অৱস্থাত আৰক্ষী আৰু ফ্লাইং স্কোৱাডৰ দলে টকাখিনি জব্দ কৰে।

ব্যক্তি তিনিজনে ব্যৱসায়িক সূত্ৰে টকাখিনি অনা বুলি কয় যদিও তথ্য দাখিল কৰিব নোৱাৰাত আৰক্ষী আৰু ফ্লাইং স্কোৱাডৰ দলে টকাখিনি জব্দ কৰে। নিৰ্বাচনী বিধি বলবৎ হোৱাৰ ফলত কোনো লোকে উপযুক্ত নথি পত্ৰ অবিহনে ধন লগত লৈ যাত্ৰা কৰাৰ ওপৰত নিষেধাজ্ঞা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply