চৰাইদেউঃ সমাগত ৰঙালী বিহু। ৰাজ্যৰ সৰ্বত্ৰে চলিছে বিহুৰ আখৰা। নৱ প্ৰজন্মক বিহু সংস্কৃতিৰ প্রতি আকৃষ্ট কৰাৰ উদ্দেশ্য আজিৰে পৰা চৰাইদেউ জিলাৰ অন্তগৰ্ত মাইবেলাবাসী ৰাইজৰ উদ্যোগত ১০ দিনীয়াকৈ বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা আৰম্ভ হৈছে ৷
মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ মডেল স্কুলৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই কৰ্মশালাখনি অসমৰ জনপ্ৰিয় চৰাইদেউ বিহু হুঁচৰি দলে প্ৰশিক্ষণ প্ৰদান কৰিছে৷ হুঁচৰি দলটোৰ প্ৰশিক্ষক হিচাপে আছে ক্ৰমে- ৰূপম বৰুৱা, অংকিতা কাপ্যাচ, নিৰুপমা শইকীয়া৷
এই কৰ্মশালাত জিতু বড়া, দেৱজিৎ বৰুৱাও অংশগ্ৰহণ কৰিছে৷ এই কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ বিচাৰিলে ৯১০১৮৮০৬৯৪, ৭০৯৯৮৩৬৭৫৮ আৰু ৭০৮৬৩৫৬৫০০ যোগাযোগ কৰিব পাৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।