চৰাইদেউঃ চৰাইদেউৰ নিমনাগড় ধোদৰ আলিত সংঘটিত হৈছে ভয়কৰ পথ দুৰ্ঘটনা। চাউল কঢ়িয়াই অনা এখন ট্ৰাকে মহতীয়াই লৈ যায় এখন মেক্স পিক-আপ বাহনক। এই দুৰ্ঘটনাত আহত হৈছে এজন লোক। এই আহত লোকজনক সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।

এই দুৰ্ঘটনা সংঘটিত হোৱা পিছতে ঘটনাস্থলী পৰা পলায়ন কৰে ট্ৰাক চালকজনে। দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখন নম্বৰ এনএল ০৩ এ ৮৭৯২ আৰু মেক্স পিক-আপ বাহন খনৰ নম্বৰ এএছ ০৪এচি ৬১৭১।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে মেক্স পিক-আপ বাহনখনৰ আগৰ অংশ ভাঙি সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে। দুৰ্ঘটনাটোৰ ফলত ট্ৰাকখন ধোদৰ আলিৰ ওপৰতে বাগৰি পৰা তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছ ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply