বৰহাটঃ বৰহাটত সদৌ অসম বাঢ়ৈ সমাজৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বৰহাট আঞ্চলিক ৰাইজৰ সহযোগত টিয়কীয়া গাঁৱৰ ৰাজহুৱা বাঢ়ৈ খেলপথাৰত ২৬,২৭ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন হোৱা দ্বিতীয়তম অধিৱেশনৰ সফলভাৱে সামৰণি পৰে।

দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা অনুষ্ঠিত কৰা হয়। মুকলি সভাৰ মঞ্চত উপস্থিত থকা সকলো বিশিষ্ট ব্যক্তিসকলক নৃত্য-গীতেৰে অধিৱেশনৰ মূল পদূলিৰ পৰা আদৰি আনে।

লগতে পঢ়কঃমৰিয়নিত আঘাতপ্ৰাপ্ত মাইকী নাহৰফুটুকীৰ বোকাখাতত মৃত্যু

বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক অংগত কৈৰী,পূৰ্বাঞ্চল গাওঁ পঞ্চায়তৰ সভানেত্ৰী শান্তনা ফুকন গগৈ, সমাজসেৱক চক্ৰধৰ গগৈ, বিনোদ খেছ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৰহাট আঞ্চলিক সমিতিৰ সভাপতিৰ লগতে বহু ঠাইৰ পৰা অহা বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply