চৰাইদেউঃ বৰহাটত সদৌ অসম বাঢ়ৈ (লহাৰ) সমাজৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বৰহাট আঞ্চলিক ৰাইজৰ সহযোগত টিয়কীয়া গাঁৱৰ ৰাজহুৱা বাঢ়ৈ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয়তম অধিৱেশনৰ আয়োজন কৰা হৈছে।
অসম ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। সেই জাতি-জনগোষ্ঠীৰ সকলৰ ভিতৰত বাঢ়ৈ(লহাৰ) সকল অন্যতম।
লগতে পঢ়কঃবোকাখাতত সদৌ অসম চাওঁতাল যুৱ সন্থাৰ নতুন সমিতি গঠন
বাঢ়ৈসকলৰ নিজা ভাষা-সংস্কৃতি ,গীত-মাত,জাতীয় সাজপাৰ, উৎসৱ-পাৰ্বণ ইত্যাদিৰ লগতে স্বকীয় বৈশিষ্টতাৰে পৰিপূৰ্ণ এটা জাতি। প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে সমূহীয়া চাফাই, পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পন, বৃক্ষৰোপন প্ৰদৰ্শনী, প্ৰতিনিধিসভা আয়োজন কৰা হ’ব।
আনহাতে দ্বিতীয় দিনাৰ কাৰ্যসূচী হিচাপে সাংস্কৃতিক শোভাযাত্ৰা,মুকলি সভা আৰু আমন্ত্ৰিত শিল্পী বিকাশ তাতীঁ ৰ কণ্ঠশিল্পীৰ দ্বাৰা গীতৰ শৰাই আগবঢ়োৱা হ’ব।