সোণাৰিঃ  বৰ অসমৰ প্ৰতিষ্ঠাপক চাওল্যুং চুকাফাকে ধৰি আন স্বৰ্গদেউ সকলৰ পুণ্যাত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই দুদিনীয়াকৈ ঐতিহাসিক চৰাইদেউ মৈদাম থলীত পৰম্পৰাগত ৰীতি-নীতিৰে ৭০ সংখ্যক স্মৃতি তৰ্পণ অনুষ্ঠানটি অনুষ্ঠিত হয় ৷ সুদীৰ্ঘ কাল ৰাজত্ব কৰা আহোম স্বৰ্গদেউসকলৰ লগতে আৰাধ্য দেৱতা লেংডন, খুনলুং আৰু খুনলাইৰ নামত আজি ৪২ খন পায়সৰ শৰাই আগবঢ়াই সেৱা গ্ৰহণ কৰা হয় ৷

লগতে পঢ়কঃমাননী নহয় মজুৰি লাগে অংগনবাড়ী কৰ্মীক

আনহাতে কাৰ্যসূচী অনুসৰি প্ৰথম দিনা লাংকুৰি দেওশালৰ নামনিত অৱস্থিত গোটা দ’লত চোমদেওলৈ শৰাই আগবঢ়োৱাৰ লগতে নিশালৈ নামকীৰ্তন কৰা হয় ৷ উল্লেখ্য যে, ত্ৰয়োদশ শতিকাত সুদূৰ পাটকাই পাৰ হৈ আহি অসমত আহোম ৰাজ্য প্ৰতিষ্ঠাৰ যোগেদি বৰ অসমৰ সপোন দেখা চাওলুং চুকাফাৰ লগতে আন স্বৰ্গদেউ আৰু ডা- ডাঙৰীয়া সকলৰ  পুণ্যাত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই ১৯৫৩ চনৰ পৰা  ধাৰাবাহিক ভাৱে ঐতিহাসিক চৰাইদেউ মৈদাম থলীত এই   তৰ্পণ উৎসৱ  ( বিয়াল্লিছ খন শৰাই দিয়া) অনুষ্ঠানটি পালন কৰি অহা হৈছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply