বৰহাটঃ অসম আৰ্চাৰী সন্থা আৰু চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বৰহাট আৰ্চাৰী ক্লাৱৰ উদ্যোগত ১০দিনীয়া আৰ্চাৰী প্ৰশিক্ষণ কৰ্মশালাৰ অনুষ্ঠিত। প্ৰশিক্ষক বৈকুণ্ঠ নাৰায়ণ গগৈৰ তত্বাৱধানত মিছাজান ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হৈছে এই প্ৰশিক্ষণ কৰ্মশালাৰ।
এই প্ৰশিক্ষণত মুঠ ২০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হয়। পুৱা পতাকা উত্তোলন কৰে-চৰাইদেউ জিলা ক্ৰীড়া সমন্বয়ক বুদ্ব গগৈ,বৃক্ষ ৰোপন কৰে- সদৌ অসম ছাত্ৰ-সন্থাৰ চৰাইদেউ জিলা ছাত্ৰ-সন্থাৰ উপদেষ্ঠা বিষ্ণুজ্যোতি বুঢ়াগোঁহাই,সমাজকৰ্মী কমল বাকলিয়াল, উদ্বোধনী ভাষণ আগবঢ়ায় সমাজকৰ্মী তপন ভাজনীয়ে,বৰহাট আৰ্চাৰী ক্লাৱৰ সভাপতি তৰুণ গগৈ, সম্পাদক ভাৰ্গৱজ্যোতি গগৈৰ লগতে বহু ব্যক্তি উপস্থিত থাকে।