সোণাৰিঃ দুচকীয়া বাহনত দুয়োগৰাকী আৰোহীয়ে হেলমেট পিন্ধাটো বাধ্যতামূলক কৰিছে চৰকাৰে। পিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী এই নীতি-নিয়মক বহুতে অবজ্ঞা কৰা দেখা গৈছে।
দুচকীয়া বাহনত হেলমেট নিপিন্ধা আৰোহীৰ বিৰুদ্ধে চৰাইদেউ জিলাৰ সদৰ সোণাৰিত আৰক্ষীৰ অভিযান।
লগতে পঢ়কঃগামোছা পিন্ধাই মুখ্যমন্ত্ৰীয়ে আদৰণি জনায় ৰহাৰ কংগ্ৰেছ দলৰ বিধায়ক শশীকান্ত দাসক
হেলমেট নিপিন্ধা বাইক আৰোহীৰ বিৰুদ্ধে অধিক সক্ৰিয় হৈছে চৰাইদেউ আৰক্ষী।
এই নিয়ম অৱজ্ঞা কৰা বাইক আৰোহীৰ বিৰুদ্ধে অভিযান চলাই জৰিমনা বিহিলে চৰাইদেউ আৰক্ষীয়ে। সেয়েহে এতিয়াৰপৰা আপুনিও সতৰ্ক হওক। হেলমেট পৰিধান নকৰিলে আপুনিও ভৰিব লাগিব এক হাজাৰ টকা জৰিমনা।