বৰহাটঃ চৰাইদেউ জিলাৰ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী এলেকাৰ গড়কাপ্তানী বিভাগৰ এটি বিধস্ত পথে জ্বলাকলা খুৱাইছে পথাচাৰীক। পথটি হৈছে সোণাৰি সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকাৰ ঐতিহাসিক লাহদৈগড় পথৰ তিনি আলিৰ পৰা ১নং চৰাইপুং হৈ বিমলাপুৰৰ পৰা লংডিং সংযোগী প্ৰায় ৩ কি:মি দৈঘ্যৰ ব্যস্ততাপূৰ্ণ পথ। এই পথটিয়েদি ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে সকলো ধৰণৰ লোক অহাযোৱা কৰে।

পথটোত আছে বৃহৎ দ’ গাঁত। সীমান্তৰ স্পৰ্শকাতৰ অতি গুৰুত্বপূৰ্ণ এই পথটো দিনক দিনে শোচনীয় অৱস্থা হোৱা পৰিলক্ষিত হৈছে। সদা ব্যস্ত এই পথৰ দুৰাৱস্থাৰ বাবে পথচাৰীয়ে বাৰুকৈয়ে জ্বলাকলা খাইছে। বিজেপি নেতৃত্বধীন চৰকাৰে যিসময়ত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে। ঠিক তেনেসময়তে গ্ৰাম্যাঞ্চলৰ বহু বাটপথৰ জৰাজীৰ্ণ অৱস্থাই উন্নয়নৰ ফোপোঁলা স্বৰূপ উদঙাই দিছে। এই বিমলাপুৰৰ পৰা লংডিং সংযোগী পথটি নিৰ্মাণ কৰি দিবলৈ স্থানীয় সচেতন ৰাইজে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ,যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈক আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply