সোণাৰি : অসমীয়াৰ অতিকৈ আপোন ব’হাগ আহিছে। চেনেহৰ ব’হাগ, হেঁপাহৰ ব’হাগ। ব’হাগলৈ মাজত মাথোঁ কেইটামান দিন বাকী। এতিয়া সীমাহীন ব্যস্ততা প্ৰতিজন অসমীয়াৰ। ব’হাগক আদৰাৰ প্ৰস্তুতি চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। ব’হাগত ঢোলৰ চেওত কঁকাল ঘুৰাই নাচিবলৈ সাজু হৈছে ৰঙিলী নাচনীজাক। ৰিণিকি ৰিণিকি শুনা ৰংমনৰ পেঁপাৰ মাতত ৰ’ব নোৱাৰা হৈছে ৰচকী নাচনীজনী। বিহুলৈ মাথোঁ মাজত কেইটামান দিন বাকী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া পূৰ্ণ গতিত চলিছে বিহুৰ আখৰা। পিছ পৰি ৰোৱা নাই চৰাইদেউ বিহু হুঁচৰি দল। মঞ্চৰ লগতে গৃহস্থৰ চোতালত বিহু পৰিবেশনৰ বাবে সাজু হৈ উঠিছে উজনি অসমৰ অন্যতম বিহু দলটো।

ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি এইবাৰ ২৭ বৰ্ষত ভৰি দিয়া বিহু দলটিয়ে অব্যাহত ৰাখিছে আখৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ এজাক যুৱক-যুৱতীৰে গঠন কৰা বিহু দলটিয়ে পূৰ্বৰ বছৰবোৰত বিভিন্ন বিহু মঞ্চত শ্ৰেষ্ঠত্ব অৰ্জন কৰা লগতে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ইফালে বিগত বৰ্ষত ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বিহুৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা নহ’ল যদিও এইবাৰ ন-উদ্যমেৰে বিহু পৰিৱেশনৰ বাবে সাজু হৈ উঠিছে চৰাইদেউ বিহু হুঁচৰি দল।