বৰহাটঃ বৰহাটৰ “নাহৰপুখুৰী আদর্শ অংগনবাড়ী কেন্দ্ৰ” আৰু “নাৰেমপথাৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ”ৰ আজি শুভ উদ্বোধন কৰা হয়। উদ্বোধন কৰে যোৰহাট লোকসভা সমষ্ঠিৰ সাংসদ তপন কুমাৰ গগৈয়ে। সমাজ কল্যাণ বিভাগৰ SOPD আঁচনিৰ অধীনত এই অংগনবাড়ী কেন্দ্ৰ দুটা নিৰ্মাণ কৰা হৈছে।

সাংসদ গৰাকীয়ে কয় যে- ”অসম চৰকাৰে আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ যি পদক্ষেপ ব্যৱস্থা হাতত লৈছিল। সেয়া আজি সম্পূৰ্ণ হোৱাৰ লগতে ভাল লাগিছে। চৰকাৰে বিচাৰে যে, সকলো ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যাব পাৰে, কোনেও যাতে বিদ্যালয়লৈ নোযোৱাকৈ নাথাকে। অংগনবাড়ী কেন্দ্ৰৰ যোগেদি সৰুৰ পৰা যাতে সকলো ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ আহি আগলৈ পঢ়ি শিক্ষাৰ দিশত আগবাঢ়ি যাব পাৰে। সেই ছাত্ৰ-ছাত্ৰীক চৰকাৰে লৈ আনি এক শৈক্ষিক সুন্দৰ পৰিৱেশ গঢ়ি তুলিব পাৰে। তাৰ বাবে অভিভাৱক সকলে নিজৰ সন্তানক অংগনবাড়ী কেন্দ্ৰত পঢ়াব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।”

”চৰাইদেউ জিলাত বিভিন্ন ঠাইত মুঠ ১১টা অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ বাবে আহিছে আৰু পৰ্যায়ক্ৰমে সকলো অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমখনক ভাৰতবৰ্ষৰ ৫খন ৰাজ্যৰ ভিতৰত আনিবলৈ আদৰণীয় প্ৰচেষ্টা হাতত লৈছে। এইখিনি কৰিব যাওঁতে প্ৰতিটো স্তৰতে উন্নয়ন হ’ব লাগিব। সেই কাৰণে আমিয়ে প্ৰতিটো স্তৰতে উন্নয়ন বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু উন্নয়নৰ ধাৰা অব্যাহত থাকিব।”- বুলিও কয় সাংসদ গৰাকীয়ে।

উক্ত অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামী, সাপেখাটি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰণ্টু বৰুৱা, জিলা পোষণ অভিযানৰ সমন্বয়ক দ্বিপেন বৰুৱা, বিজেপিৰ ৰাজ্যিক সমিতিৰ কাৰ্যনির্বাহক সদস্য কাজল দে’ তথা গাওঁবাসীৰ লগতে বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply