বৰহাটঃ চৰাইদেউৰ বৰহাটত তীব্ৰ প্ৰতিবাদ। সদৌ চাওঁতাল ছাত্ৰ-সন্থা, চৰাইদেউ জিলা সমিতিৰ উদ্যোগত ও চাওঁতালী সমূহ দল-সংগঠনৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।
বিভিন্ন দাবীৰ প্ৰতিবাদত আজি পুৱা ১০ বজাৰ পৰা বৰহাট চাওঁতালী খেলপথাৰৰ পৰা সাপেখাতী হৈ সোণাৰি ৰজাবাৰী লৈ চাইকেল-বাইক আৰু গাড়ীৰে এক বিশাল সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে খিলঞ্জীয়া চাওঁতাল জনগোষ্ঠীক সংবিধানৰ ৩৪২ অনুচ্ছেদ অনুসৰি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে।
লগত প্ৰতিবাদকাৰীসকলৰ দাবী- অসমৰ অষ্ট্ৰিকমূলৰ চাওঁতাল জনগোষ্ঠীক চাহ জনগোষ্ঠী নামেৰে নামাকৰণ কৰা বন্ধ কৰক আৰু অসমত চাওঁতালী ভাষাৰ শিক্ষক প্ৰদান কৰক।