সোণাৰিঃ অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে সোমবাৰে চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত ধুমুহা, জুই আৰু বানপানীত ক্ষতিগ্ৰস্ত হিতাধীকাৰীসকলক বিভিন্ন ধনৰাশিৰ চেক বিতৰণ কৰে।

ইয়াৰে চৰাইদেউ জিলাৰ বাবে মুঠ এক কোটি পাঁচ লাখ ছয়ত্ৰিশ হাজাৰ নশ টকা ধুমুহাত ক্ষতিগ্ৰস্ত হিতাধীকাৰীৰ বাবে, তিনি লাখ আশী হাজাৰ চাৰিশ টকা জুইত ক্ষতিগ্ৰস্ত হিতাধীকাৰীৰ বাবে, আঠানব্বৈ হাজাৰ তিনিশ টকা বানপানীত ক্ষতিগ্ৰস্ত হিতাধীকাৰীৰ বাবে । 

আৰু পঢ়কঃবেদখলমুক্ত হ’ব আমছাং, শিল সাঁকো বিল মন্ত্রী পৰিমল শুক্লবৈদ্যৰ ঘােষণা

মাহমৰা, সাপেখাতী আৰু সোণাৰি এই তিনিওটা ৰাজহ চক্ৰৰ অন্তৰ্গত হিতাধীকাৰী সকলক উক্ত ধনৰাশি চেক যোগে বিতৰণ কৰা হয়। এই অনুষ্ঠানৰ সভাপতিত্ব কৰে উপায়ুক্ত বিনীতা পেগুৱে। আদৰণি ভাষণ আগবঢ়াই অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে । 

সভাত জিলা প্ৰকল্প বিষয়া বিজয়লক্ষ্মী গগৈ, সাপেখাতী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অনামিকা গগৈ, মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ( সংলগ্ন ) ভাৰতী বড়াকে আদি কৰি তিনিওটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply