সোণাৰিঃ অসম চৰকাৰৰ শক্তি, সাংস্কৃতিক পৰিক্ৰমা, পৰ্যটন, ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী তথা চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বড়াই চৰাইদেউ জিলাত উপস্থিত হৈ চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিৰ অধীনত অতিমাৰী ক’ভিডত স্বামীহাৰা হোৱা জিলাখনৰ ৮ গৰাকী মহিলাক ২.৫০ লাখ টকাৰ একোখনকৈ এককালীন সাহাৰ্যৰ চেক বিতৰণ কৰে।

অভিভাৱক মন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত কয়, ”দীৰ্ঘদিন ধৰি শীতল ছাঁ আৰু অক্সিজেন প্ৰদান কৰি অহা বটবৃক্ষ এডাল এদিন হঠাৎ নোহোৱা হলে যিদৰে জীৱকুলে বিভিন্ন প্ৰত্যাহ্বানৰ সম্মুখীন হয়, ঠিক তেনেদৰে ঘৰৰ মূল মানুহজন নাইকিয়া হৈ গলে তেওঁৰ পৰিয়াললৈ কাল অমানিশা নামি আহে।”

মৃত্যু চিৰসত্য বুলি উল্লেখ কৰি তেওঁ কয় যে, বিগত দুটা বছৰত অতিমাৰী ক’ভিড-১৯ ৰোগে দুৰ্ভাগ্যজনক ভাৱে আমাৰ মাজৰ পৰা বহু আপোনজনক আঁতৰাই লৈ গৈছে। তেওঁ কয় যে, আপোনজনক হেৰুৱাৰ দুখ কাহানিও নোহোৱা কৰিব নোৱাৰি যদিও অসম চৰকাৰে এইসমূহ পৰিয়ালৰ মৰ্মবেদনা উপলব্ধি কৰি তেওঁলোকক কিছু পৰিমাণে হলেও আৰ্থিক সকাহ আৰু প্ৰেৰণা যোগোৱাৰ উদ্দেশ্য এই আঁচনি হাতত লৈছে। উপস্থিত হিতাধিকাৰী সকলক তেওঁলোকে লাভ কৰা আৰ্থিক সাহায্য উৎপাদনমুখী কাৰ্যত সদব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। অসম চৰকাৰ সদায়ে আৰ্তজনৰ কাষত আছে আৰু থাকিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। নিজ বক্তব্যত তেওঁ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ জনহিতৈষী পদক্ষেপৰ বাবে তেখেতৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্রকাশ কৰে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে বিগত সময়ছোৱাত সমগ্র দেশ আৰু ৰাজ্যত ক’ভিড-১৯ ৰোগে সৃষ্টি কৰা ভয়াবহ পৰিস্থিতিৰ কথা উল্লেখ কৰি এই ৰোগত অকালতে প্ৰাণ হেৰুওৱা লোকসকলৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

সাংসদ গৰাকীয়ে নিজৰ আপোনজনক হেৰুৱা পৰিয়ালসমূহৰ দুখত নিজকে সমভাগী বুলি উল্লেখ কৰে। নিজ বক্তব্যত তেওঁ ক’ভিডৰ সময়ত গঢ়ি তোলা সুপৰিকল্পিত ব্যৱস্থাপনা, চিকিৎসা সেৱা, আন্তঃগাঁথনি উন্নয়নকে আদি কৰি ক’ভিডত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালৰ প্ৰতি আগবঢ়োৱা আৰ্থিক সকাহ আদিৰ বাবে মুখ্যমন্ত্ৰী ডাঃ হিমন্ত শৰ্মাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ লগতে জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে শ্ৰী বড়াই মুখ্যমন্ত্ৰীৰ কভিড-১৯ বিধৱা সাহায্য আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত গ্ৰহণ কৰা অগ্রণী ভূমিকাৰ বাবে তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মুখ্যমন্ত্ৰী আৰু অভিভাৱক মন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা জনাই মুখ্যমন্ত্ৰীৰ কভিড-১৯ বিধৱা সাহায্য আঁচনিৰ দ্বাৰা ক’ভিডত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালে কিঞ্চিত পৰিমানে হলেও সকাহ লাভ কৰিব বুলি মত প্ৰকাশ কৰে। বৰ্তমানে যদিও সুস্থিৰ পৰিবেশ ঘূৰি আহিছে, তথাপিও সকলোকে সচেতনতা আৰু সাৱধানতা অৱলম্বন কৰি চলিবলৈ বিধায়ক গৰাকীয়ে আহ্বান জনায়। ভৱিষ্যতে এক সম্পূৰ্ণ ক’ভিড-১৯ মুক্ত পৰিবেশত জনসাধাৰণে জীৱন-যাপন কৰিব পাৰিব বুলি তেওঁ নিজ বক্তব্যত কামনা কৰে।

উল্লেখযোগ্য যে, চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। নিজ বক্তব্যত তেওঁ কয় যে, ইতিমধ্যে জিলাখনৰ ৩৪ গৰাকী হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰীৰ কভিড-১৯ বিধৱা সাহায্য আঁচনিৰ অধীনত ২.৫ লাখ টকাকৈ আৰ্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে। আঁচনিৰ তৃতীয় পৰ্য্যায়ত আৰু ৮ গৰাকী হিতাধিকাৰীয়ে এই সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ অৱগত কৰে।

সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে।

উল্লেখ্য যে, এই অনুষ্ঠানত চেক লাভ কৰা হিতাধিকাৰীসকল হ’ল কবিতা ৰুদ্ৰ, অৰুণী বড়া, বাসন্তী কৰ্মকাৰ, আশা নেৱাৰ, ৰুমী বুঢ়াগোহাঁই, তুতুমণি কোঁৱৰ বৰুৱা, অঞ্জলি চুতীয়া আৰু পূৰ্ণিমা কুমাৰ।

চেক বিতৰণ অনুষ্ঠানত এ. পি. জি. চি. এল. -ৰ স্বতন্ত্র সঞ্চালক অনুপ সিং ৰাজপুৰোহিত, অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়া আৰু মহকুমাধিপতি (সদৰ) প্ৰাঞ্জল প্রতিম কোঁৱৰৰ লগতে কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply