চৰাইদেউঃ অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই দেওবাৰে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হয়। মৈদাম ক্ষেত্ৰত নিৰ্মিয়মান হৈ থকা আন্তঃগাথঁনি উন্নয়নৰ অগ্ৰগতি সন্দৰ্ভত বুজ লয় মুখ্য সচিব গৰাকীয়ে।

উল্লেখ্য যে, অসম ৰাজ্যিক পুৰাতাত্বিক বিভাগৰ অধীনত থকা মৈদাম ক্ষেত্ৰৰ অংশটোত চাহ বাগিচা কৰ্তৃপক্ষৰ পৰা বেদখলমুক্ত কৰাৰ পিছত ৰাজ্য চৰকাৰৰ পৰা আৱণ্টিত ২৫ কোটি টকাৰে আন্তঃগাথঁনিৰ উন্নয়ন কৰি থকা হৈছে।

সমান্তৰালকৈ চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ বিশিষ্ট সাংস্কৃতিক পুৰাতত্ববিদ কিষাণচন্দ নুৰিয়েলৰ তত্বাৱধানত ড’চিয়াৰ প্ৰস্তুতৰ কামো অব্যাহত আছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ মৈদাম ক্ষেত্ৰত পৰিদৰ্শন কৰি সামগ্ৰিক অগ্ৰগতিৰ বুজ লয় মুখ্য সচিব গৰাকীয়ে। ইয়াৰ উপৰিও সচিব গৰাকীয়ে ঐতিহাসিক লাংকুৰি দেওশাল আৰু বেদখল কবলত থকা ফুলেশ্বৰী কোঁৱৰী মৈদাম পৰিদৰ্শন কৰে৷ মুখ্য সচিব গৰাকীক এই পৰিদৰ্শন সময়চোৱাত চৰাইদেউ জিলা উপায়ুক্ত, আৰক্ষী অধ্যক্ষক আৰু প্ৰত্নতত্ব সঞ্চালকালয়ৰ বিষয়া- কৰ্মচাৰী সকলে সংগ দিয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply