চৰাইদেউঃ চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই ৩০ মাৰ্চত জাৰি কৰা এক আদেশ যোগে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তথা অসম মীন নীতি, ১৯৫৩ আৰু অসম মীন (সংশোধিত) নীতি ২০০৫ অনুসৰি সমগ্র চৰাইদেউ জিলাতে বলবৎ হোৱাকৈ ১ এপ্ৰিল ২০২২ ৰ পৰা ১৫ জুলাই ২০২২ লৈকে মাছৰ প্ৰজনন ঋতুৰ সময়ত বিশেষ ধৰণৰ আৰু বিভিন্ন আকৃতিৰ মাছ ধৰা আৰু মাছৰ জালৰ ব্যৱহাৰৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।

এই নিষেধাজ্ঞা সমগ্ৰ জিলাখনতে তৎকালে বলৱৎ হোৱাৰ লগতে পৰৱৰ্তী ৬০ দিনৰ বাবে বাহাল থাকিব।
এই আদেশ ভংগ কৰিলে আদেশ ভংগকাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply