সোণাৰি: চৰাইদেউ জিলাৰ ডিচেম্বৰ মাহৰ জিলা উন্নয়ন সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভা কক্ষত নৱনিযুক্ত উপায়ুক্ত পল বৰুৱাৰ পৌৰোহিত্যত অনুস্থিত হয়।
জিলা খনৰ সকলো বিভাগৰ মুৰবী বিষয়া সকলৰ উপস্থিতিত অনুস্থিত হোৱা বৈঠকত জিলা উপায়ুক্ত গৰাকীয়ে জিলাখনৰ অসম, অৰুনাচল আৰু নগালেণ্ডৰ সীমান্ত এলেকাত সীমান্ত নিৰীক্ষণ চকী সমুহ (বি অ পি)ক্ষীঘ্ৰে নিৰ্মাণৰ কাম সমুহ সম্পুৰ্ণ কৰিবলৈ লোক নিৰ্মাণ বিভাগৰ গৃহ শাখাৰ অভিযন্তাক বৈঠকত নিৰ্দেশ দিয়ে।
লগতে জিলা খনত বৰ্তমানে চলি থকা জল জীৱন মিচনৰ কাম সমুহ ক্ষিপ্ৰতাৰে কৰিবলৈয়ো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তাক নিৰ্দেশ দিয়ে।
উপায়ুক্ত গৰাকীয়ে কৃষি আৰূ বেংক বিষয়া সকলক লোণ,লোৱা হিতাধিকাৰী সকলৰ মাজত সজাগতা শিবিৰ অনুস্থিত কৰি ঋণ’ পৰিশোধৰ ব্যৱস্হা কৰিবলৈও নিৰ্দেশ দিয়াৰ উপৰিও কৃষক সকলক কে চি চি লোণ ৰ বাবে হিতাধিকাৰী নিৰ্বাচিত কৰিব লৈ বিষয়া সকলক আহ্বান জনায়।
আজিৰ বৈঠকত উপায়ুক্ত পল বৰুৱাই জিলা খনত চলি থকা কভিড -১৯ দ্বিতীয় পালি টিকাকৰনৰো পৰ্যালোচনা কৰে।বৈঠকত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান, মহকুমাধিপতি প্ৰাঞ্জল প্ৰতিম কোঁৱৰো উপস্থিত আছিল।
লগতে পঢ়ক –কৰোণা সংক্ৰমণ! স্থগিত এই বৰ্ষৰ ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতা