সোণাৰি : বাৰ্ষিক আয় এক লাখ টকাৰ ওপৰত হ’লে ঘুৰাই দিয়ক ৰেচন কাৰ্ড। অন্যথা আইনীভাৱে দোষী সাব্যস্ত হ’ব পাৰে আপুনি। ৰেচন কাৰ্ডসমূহ ঘুৰাই দিয়াৰ শেষ সময়সীমা ৩০ জুন। চৰাইদেউ জিলাৰ উপায়ুক্তই জাৰি কৰিছে এই জাননী।
চৰাইদেউ জিলাৰ উপায়ুক্তই আজি জাৰি কৰা জাননী অনুসৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনি-২০১৩ৰ অধীনত ৰেচন কাৰ্ড থকা থকা হিতাধিকাৰী সকলৰ ভিতৰত যিসকল হিতাধিকাৰীৰ পৰিয়ালত চৰকাৰী চাকৰি, পেঞ্চনভোগী লোক আছে তেওঁ লোকে ঘুৰাই দিব লাগিব ৰেচন কাৰ্ড।
বাৰ্ষিক আয় এক লাখ টকাৰ ওপৰৰ বেচৰকাৰী চাকৰিয়াল, আৰ্থিকভাৱে স্বচ্ছল ব্যৱসায়ী, কৃষক, ঠিকাদাৰ আদিয়েও ঘুৰাই দিব লাগিব ৰেচন কাৰ্ড।
এইসকল হিতাধিকাৰীয়ে সংশ্লিষ্ট এলেকাৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া অথবা সহকাৰী সঞ্চালক, খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সোণাৰিস্থিত কাৰ্যালয়ত আৱেদনসহ ৩০ জুনৰ ভিতৰত ঘুৰাই দিব লাগিব ৰেচন কাৰ্ড সমূহ।
বিভাগীয় অনুসন্ধানৰ সময়ত তেনে অযোগ্য পৰিয়ালে ৰেচন কাৰ্ডৰ সুবিধা গ্ৰহণ কৰি থকা প্ৰমাণিত হ’লে প্ৰচলিত আইনৰ অধীনত তেনে পৰিয়ালৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জাননী খনত স্পষ্টকৈ উল্লেখ কৰিছে চৰাইদেউ জিলা উপায়ুক্তই।
লগতে পঢ়ক মাৰ্ঘেৰিটাৰ জাগুনত দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ